জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু পশ্চিম ধেমাজি আঞ্চলিক সমিতিৰ উদ্যোগত অৱস্থান ধৰ্মঘট

0
5

প্ৰাগজ্যোতিষ বাৰ্তা, ধেমাজী, ৭ নবেম্বৰঃ ধেমাজি জিলাৰ চকুলোস্বৰূপ জীয়াঢলে বছৰে বছৰে কোঙা কৰি পেলাইছে পশ্চিম ধেমাজি অঞ্চলৰ ৫৩ খন গাঁৱৰ শশ পৰিয়ালক।

বহু বছৰ ধৰি জীয়াঢল নদী অনিয়ন্ত্ৰণৰ পৰিপ্ৰেক্ষিতত জিলাখনৰ নৈপৰীয়া ৰাইজে জীয়াটো ভূগি আহিছে।

বহুবাৰ চৰকাৰক জীয়াঢল নদী বান্ধ আৰু খহনীয়াৰ নিয়ন্ত্ৰণ কৰাৰ দাবী তুলি আহিছে যদিও কাণসাৰ নাই চৰকাৰ তথা প্ৰশাসনৰ।

এইক্ষেত্ৰত পুনৰ গণতান্ত্ৰিক আন্দোলনত নামি পৰিছে ধেমাজিৰ বিভিন্ন দ’ল-সংগঠন।

ইয়াৰ অংশ হিচাপে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু পশ্চিম ধেমাজি আঞ্চলিক সমিতিৰ উদ্যোগত পশ্চিম ধেমাজি বাসী ৰাইজৰ সহযোগত ৬অক্টোবৰত অৱস্থান ধৰ্মঘট পালন কৰে।

ইয়াৰোপৰি পশ্চিম ধেমাজীৰ বিভিন্ন ৰাস্তা-ঘাট, পশ্চিম ধেমাজিত ৩০ খন বিছনাযুক্ত স্থাপন কৰা, খোৱা পানী সমস্যা আদি সমাধানৰ দাবীত এই কাৰ্যসূচী ৰূপায়ণ কৰা হয় বুলি জানিবলৈ দিয়ে সংগঠনকেইটাই।

 

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here