জি আই এম টি, তেজপুৰত ‘ভৱিষ্যতৰ অভিযন্তা নিৰ্মাণ’ শীৰ্ষক কৰ্মশালা সম্পন্ন

0
6

প্ৰাগজ্যোতিষ বাৰ্তা,তেজপুৰ, ৭ নৱেম্বৰঃ তেজপুৰ ডেকাৰগাঁওস্থিত কাৰিকৰী শিক্ষা প্ৰতিষ্ঠান গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ মেনেজমেণ্ট এণ্ড টেকন’লজী চমুকৈ জি আই এম টি, তেজপুৰত ৪ নৱেম্বৰ তাৰিখে এখন কৰ্মশালা অনুষ্ঠিত কৰা হয়।

মহাবিদ্যালয়খনৰ সহকাৰী অধ্যাপিকা প্লাৱিতা বৰুৱাই আঁতধৰা ‘ভৱিষ্যতৰ অভিযন্তা নিৰ্মাণ’ শীৰ্ষক কৰ্মশালাখনি বন্তি প্ৰজ্বলনেৰে শুভ উদ্বোধন কৰে অসমৰ বিশিষ্ট কেৰিয়াৰ পৰামৰ্শদাতা তথা মহাবিদ্যালয় খনৰ অধ্যক্ষ ড° বুলজিৎ বুঢ়াগোহাঁয়ে।

কৰ্মশালাখন জি আই এম টি, তেজপুৰৰ প্ৰশিক্ষণ আৰু সংস্থাপন কেন্দ্ৰৰ ফালৰ পৰা তথা অসম বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয়ৰ সহযোগত অনুষ্ঠিত কৰা হৈছিল।

মুঠ চাৰিটা ভাগত বিভক্ত কৰ্মশালাখনত সমল ব্যক্তি হিচাপে উপস্থিত থাকে ক্ৰমে তেজপুৰ বিশ্ববিদ্যালয়ৰ শক্তি বিভাগৰ মূৰব্বী ড° দেৱেন্দ্ৰ চন্দ্ৰ বৰুৱা, কাৰিকৰী শিক্ষা সঞ্চালকালয়ৰ প্ৰশিক্ষণ আৰু সংস্থাপন বিষয়া ড° ইন্দ্ৰাণী গগৈ, প্ৰশিক্ষণ ব’ৰ্ডৰ বিশেষ বিষয়া ঋতুৰাজ শইকীয়া আৰু চাচকনেক্ট প্ৰাইভেট লিমিটেড ব্যক্তিগত কোম্পানীৰ প্ৰতিষ্ঠাতা দ্বীপজ্যোতি বৰ্মন।

আৰম্ভণিতে সমল ব্যক্তিসকলক একোখন ফুলাম গামোচা আৰু এটা স্মাৰকে আদৰণি জনায় মহাবিদ্যালয়ৰ অধ্যক্ষ ড° বুলজিৎ বুঢ়াগোহাঁয়ে ।

প্ৰকৃত অভিযন্তাৰ বাবে প্ৰয়োজনীয় গুণ, তেওঁলোকৰ সামাজিক দায়বদ্ধতা, সাম্প্ৰতিক সময়ত কৰ্মসংস্থাপন লাভৰ বাবে ল’বলগীয়া কাৰ্যপদ্ধতি আদি সকলো দিশ সামৰি সমলব্যক্তিসকলে আগবঢ়োৱা ভাষণৰ যোগেদি শিক্ষাৰ্থীসকল যথেষ্ট উপকৃত হৈছে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here