ভাৰতীয় ষ্টেট বেংকৰ লংকা শাখাৰ এটিমৰ পৰা যুৱকে লুটি নিলে এগৰাকী বৃদ্ধৰ ২০ হাজাৰ টকা

0
6

প্ৰাগজ্যোতিষ বাৰ্তা, লংকাৰ পৰা ভূপেন্দৰ সিং বাবু, ৭ নবেম্বৰঃ লংকাৰ বামুন গাঁৱৰ হীৰালাল শিল নামৰ ৯০ বছৰীয়া বৃদ্ধ নাপিত এগৰাকীয়ে ভাৰতীয় ষ্টেট বেংকৰ লংকা শাখাৰ এটা এ টি এমৰ পৰা টকা উলিয়াব নজনাৰ বাবে এটি এমতে সাক্ষাৎ হোৱা এজন অচিনাক্ত যুৱকক টকা উলিয়াবলৈ দিয়ে৷ 

যুৱকজনে বৃদ্ধ লোকজনৰ পৰা এ টি এমৰ গোপন নম্বৰটোলৈ টকা উলিওৱা নোলোৱাৰ ভাও জুৰি কাৰ্ডখন সলনি কৰি দিয়ে।

বৃদ্ধজনে এটিমৰ পৰা টকা নোলোৱা দেখি পুনৰ বেংকলৈ যায় টকা উলিয়াবৰ বাবে।

কিন্তু অচিনাক্ত যুৱকজনে পূৰ্বেই বৃদ্ধৰ  এ টি এমৰ কাৰ্ডৰ সহায়ত ২০ হাজাৰ টকা লৈ পলায়ন কৰে।

বৃদ্ধ হীৰালাল শীল বেংকলৈ গৈ উক্ত ঘটনা সংঘটিত হোৱাৰ কথা জানিব পাৰি হতভম্ব হৈ পৰে৷

ইতিমধ্যে লংকা আৰক্ষী থানাত এক গোচৰ ৰুজু কৰিছে বুলি জানিব পৰা গৈছে৷       

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here