গুবাহাটী কটন বিশ্ববিদ্যালয়ত কে পপ ষ্টাৰ্টাৰ অডিচন সম্পন্ন

0
12

প্ৰাগজ্যোতিষ বাৰ্তা, গুৱাহাটী, ৮ নবেম্বৰঃ দেশৰ আগশাৰীৰ ব্যৱসায়িক প্ৰতিষ্ঠান লিভন ইণ্ডিয়াই বুধবাৰে গুৱাহাটী কটন বিশ্ববিদ্যালয়ৰ প্ৰেক্ষাগৃহত উত্তৰ পূৰ্বাঞ্চল বাবে অনুষ্ঠিত কৰে টপ কে পপ ষ্টাৰ্টাৰ অডিচন৷

এই অডিচন খনত প্ৰায় দুই শতাধিক অনুৰাগীয়ে অংশগ্ৰহণ কৰে৷ উত্তৰ পূৰ্বাঞ্চলৰ বাবে অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনত বিচাৰকৰ আসন শুৱনি কৰে জনপ্ৰিয় সংগীতজ্ঞ আলব নাগা’ এলিউন টেটদি’অ’ আৰু কুভেল টেটঅ’কে ৷

গুৱাহাটীৰ পিছত ৭ নবেম্বৰ তাৰিখে শ্বিলঙত অনুষ্ঠিত হয় এই প্ৰতিযোগিতাখনৰ অডিচন৷ এই ক্ষেত্ৰত লিভনৰ তৰফৰ পৰা জনায় যে অডিচনৰ নিৰ্বাচিত প্ৰতিযোগীসকলক মুম্বাইত প্ৰশিক্ষণ প্ৰদান কৰা হ’ব৷

ইয়াৰ লগতে ভাৰতৰ প্ৰথম অল গালছ কেৰিয়ান পপ কে পপ ব্ৰেন্ডৰ বাবে অডিচন দিবলৈ ভীৰ কৰা পৰিলক্ষিত হয়৷

নিৰ্বাচিত ৫ গৰাকী যুৱতীৰ বেণ্ডক তেওঁলোকৰ কে পপ মিউজিক ভিডিঅ’ ৰেকৰ্ডৰ সুযোগ আগবঢ়োৱা হ’ব৷

এগৰাকী শ্ৰেষ্ঠ কে পপ কন্ঠশিল্পীৰ সন্ধান কৰাই হৈছে এই প্ৰতিযোগিতাৰ মূল লক্ষ্য৷ ইয়াৰ বাবে লিভনৰ তৰফৰ পৰা দেশৰ আগশাৰীৰ মিউজিক চেনেলৰ সৈতে সহযোগীতা স্হাপন কৰিছে বুলি লিভনৰ তৰফৰ পৰা জানিবলৈ দিয়ে৷

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here