পেঙেৰী স্থিত সেনাবাহিনী প্ৰশংসনীয় পদক্ষেপ

0
5

প্ৰাগজ্যোতিষ বাৰ্তা,তিনিচুকীয়া পৰা বিকাশ বৰুৱা,৮ নবেম্বৰঃ যি সময়ত শিক্ষিত নিবনুৱা যুৱক-যুৱতী কৰ্ম সংস্থাপনৰ বাবে ৰাজ্যৰ বাহিৰলৈ ধাপলি মেলিবলগীয়া হৈছে সেই সময়ত তিনিচুকীয়া জিলাৰ অন্তৰ্গত পেঙেৰীস্থিত সেনাবাহিনীৰ দ্বাৰা অঞ্চলটোৰ নিবনুৱা যুৱক-যুৱতীসকলক পি.এম.ভি.কে.ৱাইৰ অধীনত অনুস্থিত কৰিছে প্ৰশিক্ষণৰ ব্যৱস্থা।

ভাৰতীয় সেনাবাহিনীৰ দ্বাৰা অনুস্থিত কৰা এই প্ৰশিক্ষণত নিবনুৱা যুৱক-যুৱতীসকলক কম্পিউটাৰ, কাপোৰ চিলাই আদি প্ৰশিক্ষণ দিয়া হয়। প্ৰশিক্ষণ সমাপ্ত কৰা যুৱক-যুৱতীসকলক আজি একোখনকৈ প্ৰমাণ পত্ৰ প্ৰদান কৰা হয়।

প্ৰশিক্ষণ সমাপ্ত হোৱা যুৱক-যুৱতীসকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে ডিগবৈ কামাণ্ডো বিষয়া ৱাই.ডি. শৰ্মাই।

পেঙেৰীস্থিত ভাৰতীয় সেনাবাহিনীয়ে গ্ৰহণ কৰা এনে পদক্ষেপে নিবনুৱা সমস্যা সমাধানৰ ক্ষেত্ৰত কিছু পৰিমাণে সহায়ক হ’ব বুলি আশা কৰিব পাৰি।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here