জাগুণত স্কুল বাহন দুৰ্ঘটনাগ্ৰস্থঃ আঘাত প্ৰাপ্ত বহুতো ছাত্র

0
5

প্ৰাগজ্যোতিষ বাৰ্তা,তিনিচুকীয়া, ৮ নবেম্বৰঃ জাগুনৰ পাঁচ মাইলত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘঠিত হয়।

স্কুলৰ ছাত্র লৈ দ্ৰুত বেগেৰে আহি থকা এখন চাৰিচকীয়া বাহন বাগৰি পৰিল পথৰ ওপৰত।

গড়ীখনৰ নম্বৰ AS-23 CC 2465 । স্কুলীয়া ছাত্ৰ ২৫ জন আছিল গাড়ীখনত।

টিৰাপ হাইস্কুলৰ সোণালী জয়ন্তী সমাৰোহৰ বিজ্ঞান প্ৰদৰ্শনীত অংশ ল’বলৈ গৈছিল মাউণ্ট কাৰ্মেল বিদ্যালয়ৰ ২৫ জনীয়া ছাত্ৰৰ দলটো।

আঘাট প্ৰাপ্ত ছাত্ৰসকলক জাগুন প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্ত্তি কৰোৱা হৈছে।

ইয়াৰে দুই এজনক উন্নত চিকিৎসাৰ বাবে মাৰ্ঘেৰিটা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।

চালকৰ ভুলৰ ফলতেই ঘটনাটো সংঘটিত হোৱা বুলি জানিব পৰা গৈছে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here