চামগুৰি শালনাত বন্যহস্তীৰ আক্ৰমণত এজন লোক থিতাতে নিহত

0
3

প্ৰাগজ্যোতিষ বাৰ্তা,চামগুৰিৰ পৰা বিদ্যুত জ্যোতি বৰা,৮ নবেম্বৰঃ ৰাজ্যখনত বন্যহস্তীৰ উপদ্ৰৱ চলি থকাৰ সময়তে নগাঁও জিলাৰ শালনা আঞ্চলিক বন কাৰ্যালয়ৰ অধীনৰ লেংটেং চাহ বাগিচাত আজি এটা বনৰীয়া হাতীয়ে এজন লোকক আক্ৰমণ কৰি নিহত কৰা হৃদয় বিদাৰক ঘটনাই সমগ্ৰ জিলাতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ।

জানিব পৰা মতে লেংটেং বাগানৰ বাসিন্দা কুণ্ডু গড় নামৰ লোকজনে বাগানৰ পৰা ঘৰলৈ গৈ থকা পথত আজি বিয়লি পাঁচ মান বজাত  পাহাৰৰ পৰা খাদ্যৰ সন্ধানত জনাঞ্চললৈ ওলাই অহা এটা বন্যহস্তীয়ে লোকজনক আক্ৰমণ কৰি থিতাতে নিহত কৰে।

পৰবৰ্তী সময়ত শালনা ৰেঞ্জৰ বনৰক্ষী দলে ঘটনাস্থলীত উপস্থিত হৈ স্থানীয় লোকৰ সহযোগত কুণ্ডু গড়ৰ  (৪৮) মৃতদেহটো উদ্ধাৰ কৰে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here