প্ৰাগজ্যোতিষ বাৰ্তা,তিনিচুকীয়াৰ পৰা বিকাশ বৰুৱা, ৮ নবেম্বৰঃ তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ বিভিন্ন এলেকাত অবৈধভাৱে চলি থকা মাৰাত্মক ড্ৰাগছ-কানিৰ ব্যৱসায় বন্ধৰ দাবীত আজি তিনিঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ মাৰ্ঘেৰিটা আঞ্চলিক সমিতিয়ে।
মাৰ্ঘেৰিটা নগৰস্থিত উত্তৰ মাৰ্ঘেৰিটা ৰঙ্গমঞ্চত শতাধিক পুৰুষ মহিলাই অবৈধ তথা বৰবিহ জাতীয় মাৰাত্মাক এই দ্ৰব্য বিলাক বন্ধৰ দাবীত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰি মাৰ্ঘেৰিটা মহকুমাৰ মহকুমাধিপতিক এখন স্মাৰক পত্ৰ প্ৰদান কৰে।
পৰিষদে বিগত বিভিন্ন সময়ত আৰক্ষী নাইবা আৱকাৰী বিভাগক এনে নিছাযুক্ত সামগ্ৰী বন্ধৰ দাবী উত্থাপন কৰি স্মাৰক পত্ৰ প্ৰদান কৰি আহিছে যদিও অদ্যপৰিমিত কোনো সুফল পোৱা নাই।
উল্লেখ্য যে মাৰ্ঘেৰিটা মহকুমাৰ অন্তৰ্গত চাংলাং তিনিআলি,টিৰাপ কলিয়ৰী,লিডু,পেঙেৰী থানাৰ অধীনৰ বিভিন্ন ঠাইৰ লগতে ড্ৰাগছৰ ঘাটিত পৰিণত হোৱা বৰডুমচা থানাৰ অন্তৰ্গত বিভিন্ন ঠাইত মুক্ত ৰূপত ড্ৰাগছৰ ব্যৱসায় চলি থকাৰ অভিযোগ বিগত সময়ত উত্থাপিত হৈ আহিছে যদিও মহকুমাৰ আৱকাৰী বিভাগে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত পৰিষদে ক্ষোভ প্ৰকাশ কৰি মাৰ্ঘেৰিটাৰ নৱ নিযুক্ত মহকুমাধিপতিগৰাকীৰ হস্তক্ষেপৰ দাবী জনাই এখন স্মাৰক পত্ৰ প্ৰদান কৰিছে।