প্ৰেছ ক্লাৱত ‘যুদ্ধ ভূমিৰ জোনাক’ উন্মোচন

0
17

প্ৰাগজ্যোতিষ বাৰ্তা,গুৱাহাটী,৯ নবেম্বৰঃ এতিয়া গ্ৰন্থ মেলাৰ বতৰ,গ্ৰন্থৰ সুবাসে মুখৰিত হৈছে ৰাজ্যৰ চৌদিশ।

মুখৰিত হৈছে গুৱাহাটী মহানগৰ।

গ্ৰন্থ মেলাৰ বতৰতে ৭ নৱেম্ববৰ বৃহস্পতিবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত লিখক, নিৱন্ধকাৰ ডঃ বিনাপানী মহন্তৰ ‘যুদ্ধ ভূমিৰ জোনাক’ শীৰ্ষক ডিটেক্টটিভ ধৰ্মী উপন্যাসখন আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়।

উপন্যাসখন আনুষ্ঠানিকভাৱে উন্মোচন কৰি অসম সাহিত্য সভাৰ সভাপতি তথা পদ্মশ্ৰী ডঃ লক্ষ্মীনন্দন বৰা দেৱে কয় যে বিনাপানী মহন্তৰ থ্ৰীলাৰ ধৰ্মী এই উপন্যাসখনে অসমীয়া উপন্যাস সাহিত্যক এক নতুন মাত্ৰা প্ৰদান কৰিব।

উল্লেখযোগ্য অসমৰ আগশাৰীৰ প্ৰকাশন বনফুল প্ৰকাশনৰ উপদেষ্টা বিশিষ্ট কবি বিপুল দেউৰীৰ উদ্দেশ্য বাখ্যাৰে আৰম্ভ হোৱা গ্ৰন্থ উন্মোচনী সভাত আৰক্ষীৰ মহা উপপৰিদর্শক অৰবিন্দ কলিতা,বিশিষ্ট লেখক মহেন্দ্ৰ নাথ তালুকদাৰ, সাংস্কৃতিক।

কর্মী পৱিত্ৰ শৰ্মা, আৰক্ষী বিষয়া মহেন্দ্ৰ শৰ্মা, আৰু লেখক ,সাংবাদিক মনিষা শৰ্মাকে ধৰি বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here