মধ্যাহ্ন ভোজনক কেন্দ্ৰ কৰি হাহাকাৰ পৰিবেশ এজাৰবাৰী প্ৰাথমিক বিদ্যালয়ত

0
1

প্ৰাগজ্যোতিষ বাৰ্তা,লংকাৰ পৰা ভূপেন্দৰ সিং বাবু, ৯ নবেম্বৰঃ এফালে ৰান্ধনী সন্থাৰ প্ৰতিবাদ, আনফালে খাদ্য বিচাৰি শিক্ষাৰ্থীৰ হাহাকাৰ।এনজিঅ’ই প্ৰস্তুত কৰা মধ্যাহ্ন ভোজন ডাষ্টবিনত পেলালে অভিভাৱকে।

হোজাই জিলাৰ এজাৰবাৰী প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক, অভিভাৱক তথা স্থানীয় ৰাইজে সাব্যস্ত কৰিলে তীব্ৰ বিক্ষোভ।

এনে ঘটনা পুনৰাবৃত্তি নকৰিবলৈ এনজিঅ’টোক সকীয়নি প্ৰদান কৰে প্ৰতিবাদকাৰীসকলে।

বিদ্যালয়খনৰ অভিভাৱক আৰু ছাত্ৰ-ছাত্ৰীসকলে পেলাই দিলে বিতৰণ কৰিবলৈ অনা অনুপযোগী আহাৰ।

ইয়াকে কেন্দ্ৰ কৰি বিদ্যালয়খনত হাহাকাৰ পৰিবেশৰ সূচনা হোৱা দেখা যায়।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here