উদমাৰীত বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকক শিল কুৱেৰীৰ ভেৰোণীয়া গুণ্ডাৰ আক্ৰমণঃ আৰক্ষীৰ নিৰ্লিপ্ত ভূমিকাঃ সাংবাদিকৰ অৱস্থান ধৰ্মঘট

0
3

প্ৰাগজ্যোতিষ বাৰ্তা,চামগুৰিৰ পৰা বিদ্যুত জ্যোতি বৰা,১৫ নৱেম্বৰঃ চামগুৰি আৰক্ষীৰ চৰম দুৰ্বলতাৰ সুযোগলৈ বৃহত্তৰ চামগুৰি অঞ্চলত পুনৰ ঠন ধৰি উঠিছে একাংশ মাফিয়া প্ৰকৃতি লোকৰ চুড়ান্ত অপৰাধ প্ৰৱণতা।

চুৰি-ডকাইতি, জুৱা, মাদক দ্ৰব্যৰ মুকলি বেহাতে ক্ষান্ত নাথাকি এতিয়া দিন দুপৰতে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ স্বৰূপ সংবাদ মাধ্যমৰ লোককো আক্ৰমণ কৰিবলৈ কুণ্ঠাবোধ কৰা নাই একাংশ দুৰ্বৃত্তই।

সোমাবাৰে দুপৰীয়াৰ ভাগতে চামগুৰিৰ উদমাৰীত সংঘটিত হ’ল তেনে এক সাংবাদিক নিগ্ৰহৰ ঘটনা। চামগুৰিৰ উদমাৰীত বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা নিউজ টাইম ,অসমৰ চামগুৰিস্থ সাংবাদিক দিগন্ত ভূঞা আক্ৰমণৰ বলি হ’বলগীয়া হ’ল একাংশ দুৰ্বৃত্তৰ হাতত।

চামগুৰিৰ কঠালগুৰিস্থিত বহু বিতৰ্কিত জনৈক গান্ধী ক্ৰেচাৰৰ কেইজনমান ডাম্পাৰ চালকৰ আক্ৰমণত কথমপি প্ৰাণ ৰক্ষা পৰে দিগন্ত ভূঞা নামৰ সাংবাদিক জন।

উল্লেখযোগ্য যে, বৃহত্তৰ উদমাৰী অঞ্চলৰ বাট-পথৰ দুৰৱস্থাৰ বিৰুদ্ধে স্থানীয় ৰাইজে উদমাৰীহৈ নিতৌ পাৰ হৈ থকা মাত্ৰাধিক শিল ভৰ্তি ডাম্পাৰ আৱদ্ধ কৰাৰ বিষয়ে খবৰ পাই সাংবাদিক ভূঞা বাতৰি সংগ্ৰহ কৰিবলৈ যাওঁতে প্ৰতিবাদ থলীত উপস্থিত ক্ৰেচাৰটোৰ কেইজনমান ডাম্পাৰৰ চালকে আক্ৰমণ কৰে সাংবাদিকজনক।

হাতে হাতে ৰড, দা কুঠাৰ লৈ স্থানীয় কেইজনমান দুৰ্বৃত্তৰ সহযোগত ডাম্পাৰ চালকে সাংবাদিক ভূঞাক অধিক আক্ৰমণৰ বাবে খেদি আহিছিল যদিও কেইজনমান সচেতন যুবকৰ তৎপৰতাত সাংবাদিকজন ঘটনা স্থলীৰ পৰা পলাই প্ৰাণ ৰক্ষা কৰিবলৈ সক্ষম হয়।

ইফালে এই ঘটনাৰ বিষয়ে ততাতৈয়াকৈ চামগুৰি আৰক্ষীক অৱগত কৰাৰ পাছতো অতি গুৰুত্বপূৰ্ণ বিষয়টোৰ প্ৰতি আওকাণ কৰি ঘটনাস্থলীত আৰক্ষী লোক বহু সময় পলমকৈহে উপস্থিত হোৱাৰ বাবে দুৰ্বৃত্তকেইটা পলায়ন কৰাৰ অভিযোগ উত্থাপন হৈছে আৰক্ষীৰ বিৰুদ্ধে।

লক্ষণীয়ভাবে উদমাৰী চাৰিআলিত ঘটনাটো সংঘটিত হোৱাৰ সময়ত জনৈক গান্ধী ক্ৰেচাৰৰ স্বত্বাধিকাৰী গৰাকী কঠালগুৰিস্থিত ক্ৰেচাৰটোত উপস্থিত থকালৈ চাই এই সমগ্ৰ কাণ্ড তেওঁৰ পৃষ্ঠপোষকতাতে সংঘটিত হোৱাৰো সন্দেহ প্ৰকাশ কৰিছে ভুক্তভোগী সাংবাদিক দিগন্ত ভূঞাই।

অতি উদ্বেগজনকভাৱে ক্ৰেচাৰটোৰ স্বত্বাধিকাৰগৰাকীক ডাম্পাৰ চালকৰ সেই দৌৰাত্ম্যৰ বিষয়ে প্ৰমাণ সহ অৱগত কৰাত তেওঁ ৰহস্যজনকভাৱে অভিযুক্ত চালকজন তেওঁৰ ক্ৰেচাৰৰ নহয় বুলি উত্থাপিত অভিযোগক নৎস্যাত কৰি ক্ৰেচাৰটোৰ পৰা ততাতৈয়াকৈ আঁতৰি যোৱাহে পৰিলক্ষিত হয়।

অৱশ্যে পৰৱৰ্তী সময়ত চামগুৰি আৰক্ষী থানাত কৰ্তব্যৰত সাংবাদিক আক্ৰমণৰ এই সমগ্ৰ ঘটনাটোৰ সন্দৰ্ভত ভুক্তভোগী দিগন্ত ভূঞাই এখন এজাহাৰ দাখিল কৰে।

লগতে আৰক্ষীৰ এনে নিৰ্লিপ্ততাৰ আৰু দোষী ডাম্পাৰ চালকক কৰায়ত্ব কৰাৰ দাবীত চামগুৰি আঞ্চলিক ছাত্ৰ সন্থা সহ ইলেক্ট্ৰনিক আৰু ছপা মাধ্যমৰ ক্ষুব্ধ সাংবাদিকসকলে চামগুৰি থানাৰ সন্মুখতএঘণ্টীয়া অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী পালন কৰে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here