চামগুৰি আৰক্ষীৰ অভিনৱ পদক্ষেপঃ ৰাষ্ট্ৰীয় ঘাইপথ মেৰামতি কৰিলে আৰক্ষীয়ে

0
58

প্ৰাগজ্যোতিষ বাৰ্তা,চামগুৰিৰ পৰা বিদ্যুত জ্যোতি বৰা,১৫ নৱেম্বৰঃ নগাঁও জিলাৰ উৰিয়া গাঁৱৰ পৰা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা নিৰ্মিয়মান হৈ থকা চাৰিলেণ্ড যুক্ত পথচোৱাৰ চামগুৰি  ভেলেগুৰিস্থিত ডায়েট প্ৰতিষ্ঠানৰ সন্মুখৰ পথত কেইবাটাও দ গাঁতে সঘনাই বহুকেইটা দুৰ্ঘটনা সংঘটিত হৈ অহাৰ পৰিপ্ৰেক্ষিতত আজি চামগুৰি আৰক্ষীয়ে নিজে হাতে কামে লািগ পথ মেৰামতি কৰাত সচেতন নাগৰিকৰ প্ৰশংসা লাভ কৰিবলৈ সক্ষম হোৱা পৰিলক্ষিত হৈছে।

বিগত সময়ত উৰিয়া গাঁৱৰ পৰা উজনিৰ দিশে ৰঙাগড়া পৰ্যন্ত অৰুণাচলৰ টি কে নামৰ কোম্পানীয়ে চাৰিলেণ্ড যুক্ত ৰাষ্ট্ৰীয় ঘাইপথচোৱা নিৰ্মাণ কৰি আহিছিল যদিও অৰ্ধ নিৰ্মিত পথত কেইবাটাও বৃহৎ গাঁতে সঘনাই চামগুৰি অঞ্চলত কেইবাটাও দুৰ্ঘটনা সংঘটিত হোৱাত বহুকেইজন পথচাৰীৰ জীৱনলৈ অমাৱস্যা নামি অহা পৰিলক্ষিত হৈ আহিছে।

তেনে সময়তে চামগুৰি আৰক্ষীয়ে পথ মেৰামতি কৰা কাৰ্যক অভিনৱ তথা প্ৰসংশনীয় পদক্ষেপ বুলি সচেতন মহলে ধাৰণা ব্যক্ত কৰিছে ।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here