ভূমাফিয়া গোপাল শৰ্মা – ষ্টাৰ চিমেন্ট কোম্পানীৰ বিৰুদ্ধে কৃষক শ্ৰমিক উন্নয়ন পৰিষদৰ গুৰুতৰ অভিযোগঃ কৃষকৰ ৭ বিঘা ১কঠা ১৯ লেচা ভুমি জালিয়তীৰে নিজৰ নামত নামজাৰি

0
7

প্ৰাগজ্যোতিষ বাৰ্তা,গুৱাহাটীৰ পৰা মনোজ ডেকা,১৫ নৱেম্বৰঃ কামৰুপ মহানগৰ জিলাৰ সোণাপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত চামতা পথাৰত দুখীয়া কৃষকৰ ৭ বিঘা ১কঠা ১৯ লেচা কৃষি ভূমিৰ ভুৱা নামজাৰি ৰেজিষ্টাৰ কৰিছে গুৱাহাটীৰ ভূমাফিয়া গোপাল শৰ্মা ষ্টাৰ চিমেণ্ট কোম্মানীয়ে৷

তথ্যঅনুসৰি ১৯৪৫ চনত বাওতলি কৃষিভূমি ৭ বিঘা ১কঠা ১৯ লেছা ভূমি মাজিৰুন নেচা ওৰফে মাজৰুন মাজৰুন নেচাৰ স্বামী জৰিৰউদ্দিনে হাতমল আালীৰ পৰা ক্ৰয় কৰে ৷

১৯ চনত মজৰুল নেচাক উক্ত ভুমি ট্ৰাইবেল বেল্ট আৰু ব্লকত ব্যৱহাৰ কৰাৰ বাবে খেৰাজ ম্যাদী পট্টা দিয়ে৷নেচৰ স্বামী ১৯৮৪ বৰ্ষত মৃত্যু হয় ৷

স্বামীৰ মৃত্যুৰ পিছত নেচাৰ তত্ত্বাৱধানত কৃষি ভূমিত কৃষিকাৰ্য কৰি অকলশৰে নেচা কোনোমতে চলি আছিল৷

১৯চনৰ ১৫ ফ্ৰেব্ৰুৱাৰীত মিহলাগৰাকীৰ মৃত্যু হয়৷ তেওঁৰ কোনো সন্তান নথকাত দখলকৃত ভূমিখিনি ভতিজাকহঁতে চোৱা চিতা কৰিব লাগিছিল যদিও তেওঁলোকৰ এই বিষয়ে জ্ঞান নাছিল যাৰ সুবিধা ল’লে গোপাল শৰ্মা সহ ষ্টাৰ চিমেণ্ট কোম্পানীয়ে৷

তেওঁলোকে প্ৰশাসনৰ এচাম ঘোচখোৰ বিষয়াক মেনেজ কৰি জালিয়তীৰে নিজৰ নামত মাটিখিনি নামজাৰি কৰি লয়৷ এই গুৰুতৰ অভিযোগ কৃষক শ্ৰমিক উন্নয়ন পৰিষদৰ৷

৯ নবেম্বৰত গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত হোৱা এক সংবাদ মেলত সভাপতি প্ৰদীপ কলিতাই কয় যে এই ভূমিখিনিৰ বিষয়ে কামৰুপ মহানগৰ জিলা উপায়ুক্ত ‘ৰাজহ মন্ত্ৰী’ সোণাপুৰ চক্ৰবিষয়াক অৱগত কৰা হৈছে৷

তেওঁলোকৰ ওচৰত ঘটনাটোৰ এক তদন্তত বিচাৰিছো ৷ কিন্তু চৰকাৰ তথা প্ৰশাসনৰ তৰফৰ পৰা আজিলৈকে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উথ্থাপন কৰে৷

তেওঁ কয় প্ৰশাসনৰ তৰফৰ পৰা বিহিত ব্যৱস্থা গ্ৰহণ নকৰিলে অহা১৫ নৱেম্বৰৰ ভিতৰত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হ’ব বুলি তেওঁ উল্লেখ কৰে ৷

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here