প্ৰাগজ্যোতিষ বাৰ্তা, ধেমাজিৰ পৰা ললিত শইকীয়া, ১৫ নবেম্বৰঃ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ পৰা দক্ষিণ বৰদলনি হৈ ঢকুৱাখনা সংযোগী পথৰ দুৰাৱস্হাই বিপাঙত পেলাইছে জনসাধাৰণক।
উল্লেখ্য যে উক্ত এছ বি জি পথ টি PWDৰ অধীনত অন্তৰ্ভুক্ত। ৩ বছৰ পূৰ্বেই এছ বি জি পথ চোৱা, চৰকাৰ পুঁজিৰ টকাৰে নিৰ্মাণ কৰিছিল যদিও বৰ্তমানে পথ চোৱাৰ বিধ্বস্ত ৰূপত দেখা পোৱা গৈছে।
পথটিত চি চি ৱক আৰু ব্লেক টেপিং নিৰ্মাণ কৰিছিল যদিও মধ্য বিত্ত ঠিকাদাৰে নিম্ন মানৰ সামগ্ৰী ব্যৱহাৰ কৰা ফলত পথ টি চি চি ৱৰ্ক আৰু ব্লেক টেপিঙসমূহ খণ্ড বিখণ্ড হৈ যায় । ইয়াৰ ফলত পথচাৰী সকলৰ যথেষ্ট অসুবিধা সন্মুখীন হোৱা লগতে দুৰ্ঘটনা সংঘতিত হয়।
ইয়াৰ পিছটো নিৰব জন-প্ৰতিনিধি আৰু কাণসাৰ নাই ধেমাজি জিলা PWD বিভাগৰ।
নে ঠিকাদাৰ লগত গোপন মিতিৰালি আছে সেয়া হে এক ডাঙৰ প্ৰশ্ন উদয়।
Facebook Comments