বিদ্যুতৰ মাচুল দিব নোৱৰাৰ বাবে বিদ্যুৎ বিভাগে বিদ্যুতৰ সংযোগ বিছিন্ন কৰিলে ভেৱেলী গাওঁ পঞ্চায়ততঃ কাম-কাজৰ অচলাৱস্থাত সাধাৰণ ৰাইজৰ হাৰাশাস্তি

0
4

প্ৰাগজ্যোতিষ বাৰ্তা, ধেমাজিৰ পৰা ললিত শইকীয়া, ১৫ নবেম্বৰঃ ধেমাজি জিলাৰ বৰদলনী উন্নয়খণ্ডৰ অধীনস্ত ভেৱেলী গাওঁ পঞ্চায়তত ঘটিছে এক আজৱ ঘটনা, বিদ্যুতৰ বিল দিব নোৱৰাৰ বাবে ১১ নবেম্বৰত কৰিলে সংযোগ বিছিন্ন l

ফলত বিভাগীয় বহু কাম-কাজ অচল হৈছে পঞ্চায়তটোত, বন্ধ হৈ পৰিছে আধাৰ কাৰ্ডৰ কাম,বন্ধ হৈ পৰিছে এন আৰ চিৰ কাম,হাৰাশাস্তিত ভূগিবলগীয়া হৈছে সাধাৰণ ৰাইজ।

পঞ্চায়তটোৰ সচিবৰ চৰম গাফিলতিৰ বাবে এনে দশা হৈছে বুলি ৰাইজৰ লগতে জনপ্ৰতিনিধিৰ অভিযোগ, প্ৰতি মাহে মাহে বিদ্যুতৰ মাচুল নিদিয়াৰ বাবে মুঠ মাচুল হৈছে গৈ ৬৮ হাজাৰ টকা, ইয়াৰ বাবে পঞ্চায়ত সচিবগৰাকীয়ে ৱাৰ্ড সদস্যৰ পৰা বিচাৰিছে হেনো টকা, নিৰুপায় হৈছে পঞ্চায়তটোৰ কৰ্মচাৰীও।

প্ৰশ্ন হয়, কাৰ্যালয়ৰ যাৱতীয় কাম কাজৰ বাবে মাহেকীয়া যি টকা আহে সেয়া গ’ল কলৈ নে,পঞ্চায়তটোৰ সচীবৰ লগতে সভানেত্ৰীয়ে পকেট গৰম কৰিছে সেই প্ৰশ্নহে এতিয়া ৰাইজৰ মুখে মুখে চৰ্চিত হৈ পৰিছে।

পঞ্চায়ত মন্ত্ৰী নৱ দলেৰ বিভাগত দৰাচলতে হৈছে কি? চলিছে কি? কিবা ব্যৱস্থা গ্ৰহণ কৰিবনে? এই প্ৰশ্ন ভুক্তভোগী ৰাইজৰ, সাধাৰণ ৰাইজে সদায়ে এনেদৰে দুৰ্ভোগ ভূগিয়েই থাকিব নে বিভাগটোৰ দোষত।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here