ৰাসোৎসৱঃকৃষ্ণপ্ৰেমৰ মাধ্যম

0
4

-সদানন্দ শইকীয়া, খান্দাজান, দৰং

অতীজৰে পৰা মহাপুৰুষসকলে ৰাসৰ মাজেদি কৃষ্ণপ্ৰেমৰ কথাকে কৈ আহিছে৷শৰতৰ চন্দ্ৰাৱলী ৰাতি ৰাসৰ জৰিয়তে মানুহে অহংকাৰ,অসুয়া পাহৰি ভগৱান কৃষ্ণতে বিলীন হৈ পৰাৰ এক সহজতৰ উৎসৱ হ’ল ৰাসোৎসৱ ৷ ই ঐক্য, সংহতিৰো প্ৰতীক৷ ৰাসেই নামনি অসমত মৃৎশিল্পীসকলক উৎসাহ দিয়াৰ দৰে উজনি অসমত মুখাশিল্পীসকলৰো অৰ্থনৈতিক সবলতা যোগায় ৷ ৰাসোৎসৱ হৈছে এনে এটি উৎসৱ য’ত ভগৱান শ্ৰীকৃষ্ণৰ জীৱনলীলা প্ৰদৰ্শন কৰা হয় ৷ শৰতৰ শাৰদীয় মধুৰ ক্ষণত ভগৱান শ্ৰীকৃষ্ণই বৃন্দাবনত গোপীসকলৰ সতে প্ৰেমৰ এনাজৰীৰে অপশক্তি নাশ কৰি ঈশ্বৰ লাভৰ মাৰ্গ দেখুৱাইছিল ৷ অনন্ত নাৰায়ণ ভগৱান শ্ৰীকৃষ্ণৰ ৰাসলীলা অপৰিসীম ৷

ৰাস শব্দটো হৈছে ‘ৰস’ ৰ পৰা ৷ ৰস শব্দই বুৎপত্তিগতভাবে ‘ৰসিত’ বা আস্বাদিত অৰ্থ নিৰূপণ কৰে ৷ ৰস শব্দটো ঋগবেদতো পোৱা যায় ৷ ঋকবেদত জুলীয়া বস্তুক বুজাবলৈ এই শব্দটো ব্যৱহাৰ কৰা হৈছিল ৷ পৰৱৰ্তীকালত উপনিষদত ৰসৰ অৰ্থৰ পৰিবৰ্তন ঘটি ই হ’ল ‘সাৰ পদাৰ্থ’ ৷ তৈত্তিৰীয় উপনিষদত আছে ‘ ৰসো বৈসঃ ৰসং হেৎৱায়ং লব্ধা আনন্দীভৱতি ‘ অথাৎ ৰস মানে আনন্দ ৷ ৰস হ’ল সৌন্দৰ্যবোধৰ পৰা সৃষ্টি হোৱা অতি জাগতিক আনন্দময়ী অৱস্থা ৷ এই ৰসৰ পৰাই ৰাস শব্দটো উৎপত্তি হৈছে – ‘ ৰাসস্যায়ং ৰাসঃ ‘ অৰ্থাৎ পৰমব্ৰহ্মৰ সহিতে জীৱাত্মাৰ সম্বন্ধই হৈছে ৰাস ৷

অতি পুৰণিকলীয়া এই ৰাসোৎসৱ সমুহ উজনি আৰু নামনি অসমত দুই ধৰণে হোৱা দেখা যায় ৷ অসমৰ নলবাৰী জিলাৰ বাবে ৰাস এক উল্লেখযোগ্য মহোৎসৱ ৷ ইয়াত মূৰ্তিৰ দ্বাৰা অভিনয় শৈলী দেখুওৱা হয় ৷ আনহাতে মাজুলীৰ সত্ৰ সমুহৰ ৰাস খুবেই আকৰ্ষণীয় ৷ ইয়াত মানুহৰ দ্বাৰা অভিনয় কৰি দেখুওৱা হয় ৷ শ্ৰীকৃষ্ণৰ ৰাসলীলা জনমানসত প্ৰতিস্থিত কৰাৰ এয়া এক প্ৰশংসনীয় পদক্ষেপ ৷ বৰ্তমান আধুনিক সভ্যতাৰ গ্ৰাসত ৰাসোৎসৱ অন্য দিশে গতি কৰা পৰিলক্ষিত হয় ৷ ভাওনা সভা আদিৰ পৰিবৰ্তে থিয়েটাৰ চিনেমা যাদু চাৰ্কাচ আনন্দ মেলা আদিৰ ৰমৰমীয়া ব্যৱসায়ে ৰাস সমুহৰ মানদণ্ড লাঘৱ কৰা দেখা যায় ৷ ভগৱান শ্ৰীকৃষ্ণৰ জীৱনলীলাৰ পৰিবৰ্তে এনে ধৰণৰ কাৰ্যকলাপত ৰাসোৎসৱ খেল ধেমালিৰ মঞ্চলৈ সলনি কৰাৰ যি গতি তাক ৰুদ্ধ কৰাৰ খুবেই প্ৰয়োজন হৈছে ৷ লোক সংস্কৃতি সমুহ লাহে লাহে বিলুপ্ত হব ধৰিছে ৷ নতুন প্ৰজন্মৰ চকুত ই আবতৰীয়া সংস্কৃতি হব ধৰিছে ৷ যদিওবা দোকান বজাৰ আদিয়ে অৰ্থনৈতিকভাৱে সকাহ দিছে তাৰ তুলনাত ধৰ্মীয় দিশত বহু পিছপৰি গৈ আছে ৷

কৃষ্ণৰ ৰাসলীলাৰ ওপৰত ৰচিত ভাওনাৰ পৰিবৰ্তে থিয়েটাৰ বা চিনেমাৰ প্ৰতিহে মানুহৰ হেতাওপৰা লগা দেখিবলৈ পোৱা দেখা যায় ৷ সেয়ে সৰুৰে পৰা ল’ৰা ছোৱালীক আধ্যাত্মিক জ্ঞান দি ভগৱানৰ প্ৰতি আকৃষ্ট কৰি সৎ আৰু ধাৰ্মিক কৰি গঢ়ি তুলিব লাগে ৷

একো একোগৰাকী সৎ মানুহৰ সুশৃঙ্খল সমাজ গঢ়ি তোলাৰ এক জনজাগৰণৰ বাতাবৰণ গঢ়ি তোলাৰ বাবে আমি সংকল্প বদ্ধ হওঁ আহক ৷

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here