দৰঙৰ ভুড়াৰগড় আৰিমত্ত ক্ষেত্ৰত ৰাস মহোৎসৱত কবি সমাৰোহ

0
12

প্ৰাগজ্যোতিষ বাৰ্তা, দৰং, ১৫ নবেম্বৰঃ অহা ১৭ নৱেম্বৰত দেওমৰণৈৰ ঐতিহাসিক ভুড়াৰগড় আৰিমত্ত ক্ষেত্ৰত দ্বিতীয় বাৰ্ষিক শ্ৰীশ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱত দিনৰ দহ বজাত দৰং কবি সমাজৰ এখন বিশেষ কবি সমাৰোহৰ আয়োজন কৰা হৈছে।

উক্ত কবি সমাৰোহখন সঞ্চালনা কৰিব দৰং কবি সমাজৰ সভাপতি ডাঃ কমলা কান্ত শৰ্মাই। এই কবি সমাৰোহখনত পঠিত কবিতাসমূহৰ পৰ্যালোচনা আগবঢ়াব বিশিষ্ট নিৱন্ধকাৰ,কবি, সাহিত্য পৰ্যালোচক ধীৰেন শইকীয়া আৰু দেওমৰনৈ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক পল্লৱ বৰুৱাই।

এই কবি সমাৰোহত আমন্ত্ৰিত অতিথি হিচাবে উপস্থিত থাকিব ‘স্পৰ্শ’ আলোচনীৰ সম্পাদক গুৰুপ্ৰসাদ শৰ্মা, অনাতাঁৰ শিল্পী কবিতা শৰ্মা, স্পৰ্শ সাহিত্য বটাঁৰে সন্মানিত মুকুট হাজৰিকা, খৈৰাবাৰী মহাবিদ্যালয়ৰ প্ৰৱক্তা ড° পবিত্ৰ শৰ্মা, ‘আজিৰ কবিতা’ৰ সম্পাদক বিনয় কুমাৰ চলিহাৰ লগতে বিশিষ্ট সাহিত্যসেৱীসকল।

দৰং আৰু ওডালগুৰি জিলাৰ নবীন প্ৰবীন কবিসকলৰ লগতে উক্ত কবি সমাৰোহত অসমৰ বহুজন প্ৰতিষ্ঠিত কবিয়ে কবিতা পাঠ কৰিব ।

কবিসকলক উক্ত কবি সমাৰোহত পাঠ কৰিব বিচৰা কবিতাটো কাগজত লিখি লৈ আহিবলৈ অনুৰোধ জনাইছে দৰং জিলা কবি সমাজে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here