লামডিঙত গুৰুনানক দেৱৰ ৫৫০ তম জন্মজয়ন্তী উদযাপন

0
3

প্ৰাগজ্যোতিষ বাৰ্তা,লংকাৰ পৰা ভূপেন্দৰ সিং বাবু, ১৫ নবেম্বৰঃ শিখসকলৰ গুৰু শ্ৰী গুৰুনানক দেৱৰ ৫৫০ তম জন্মজয়ন্তী উপলক্ষে ১০ নবেম্বৰত লামডিঙৰ শিখ সম্প্ৰদায়ৰ উদ্যোগত এক বিস্তৃত কাৰ্যসূচী হাতত লৈ জন্মজয়ন্তী উদযাপন কৰে।

সেই উপলক্ষে লামডিং গুৰুদ্বাৰৰ পৰা প্ৰায় পাঁচ শতাধিক শিখ সম্প্ৰদায়ৰ লোকে উলিয়াই এক বৰ্ণিল শোভাযাত্ৰা।

চহৰখনৰ মাজ-মজিয়াৰে সকলোৱে নগৰ-কীৰ্তন কৰি সৃষ্টি কৰে এক উৎসৱ মুখৰ পৰিৱেশৰ।

তদুপৰি,শোভাযাত্ৰাৰ মাজতে ৰাজপথত শিখ সম্প্ৰদায়ৰ যুৱকে প্ৰদৰ্শন কৰা আশ্চৰ্যকৰ খেল উপভোগ কৰি অভিভূত হৈ পৰে সকলো।

উক্ত দিনাৰে পৰা লামডিঙত তিনিদিনীয়া কাৰ্যসূচীৰে ৫৫০ তম গুৰুনানকৰ জন্ম জয়ন্তী উদযাপন কৰা হয়৷

লামডিঙত উলিওৱা এই নগৰ-কীৰ্ত্তনত লংকা, হোজাই, চাপৰমুখ , বৰ্কুলা, ডিফু আদিকে ধৰি অসমৰ বিভিন্ন স্থানৰ ৰাইজে যোগদান কৰে৷

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here