চামগুৰি উদমাৰীত ৰাষ্ট্ৰীয় শ্বহীদ বীৰ বিৰছা মুণ্ডাৰ ১৪৪ তম্ জন্ম জয়ন্তী উদযাপন

0
8

প্ৰাগজ্যোতিষ বাৰ্তা,চামগুৰিৰ পৰা বিদ্যুত জ্যোতি বৰা, ১৬নৱেম্বৰঃ ৰাজ্যখনৰ বিভিন্ন অঞ্চলত আদিবাসী তথা চাহ জনগোষ্ঠী লোক সকলে ৰাষ্ট্ৰীয় শ্বহীদ বীৰ বিৰছা মুণ্ডাৰ ১৪৪ তম্ জন্ম জয়ন্তী উদযাপন কৰাৰ সময়তে অসম মুণ্ডা মহাসভা নগাঁও জিলা সমিতিৰ উদ্যোগত আজি দিনজোৰা কাৰ্যসূচীৰে চামগুৰি সমষ্টিৰ  উদমাৰী চাহ বাগিচাৰ নামঘৰ প্ৰাঙ্গণত স্থানীয় ৰাইজ আৰু উদমাৰী আঞ্চলিক সমিতিৰ সহযোগত দিৱসটি উদযাপন কৰে।

কাৰ্যসূচী অনুসৰি আজি পুৱা প্ৰায় আঠ বজাত পতাকা উত্তোলন কৰে অসম মুণ্ডা মহাসভা নগাঁও জিলা সমিতিৰ সভাপতি ৰটে মুণ্ডায়ে।

ইয়াৰ পিছতে ৰাষ্ট্ৰীয় শ্বহীদ  বীৰ বিৰছা মুণ্ডাৰ প্ৰতিছবিত শ্বহীদ তৰ্পণ কৰে অসম মুণ্ডা মহাসভা নগাঁও জিলা সমিতিৰ সম্পাদক ৰাজেন মুণ্ডা আৰু সম্পাদিকা ৰেণু হ’ৰয়ে। দিনৰ প্ৰায় দহ বজাত নামঘৰ প্ৰাঙ্গনত বৃক্ষৰোপণ কৰে উদমাৰী খণ্ড বন কাৰ্যালয়ৰ বন বিষয়া নৱজ্যোতি বৰা আৰু  বন বিষয়া বুধেশ্বৰ দাসে।

ইয়াৰ পিছতে আদিবাসী সাজপাৰেৰে উলিওৱা সাংস্কৃতিক শোভাযাত্ৰাৰ উদ্বোধন কৰে উদমাৰী হাইস্কুলৰ প্ৰধান শিক্ষক আদিত্য বৰদলৈ আৰু সাংবাদিক বিদ্যুত জ্যোতি বৰাই।

বিয়লি প্ৰায় দুই বজাত অনুষ্ঠিত হোৱা মুকলি সভাত সভাপতিত্ব কৰে অসম মুণ্ডা মহাসভা নগাঁও জিলা সমিতিৰ উপ সভাপতি এতোৱা ধানোৱাৰে।পৰবতী সময়ত সন্ধ্যা প্ৰায় পাঁচ মান বজাত শ্বহীদ বীৰ বিৰছা মুণ্ডাৰ প্ৰতিছবিত বন্তি প্ৰজ্বলন কৰে নগাঁও জিলা সমিতিৰ সভানেত্ৰী চম্পা হাচায়ে।

আনহাতে নিশালৈ স্থানীয় শিল্পীৰ দ্বাৰা সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ’ব বুলি উদযাপন সমিতিৰ বিষয়ববীয়াই জানিবলৈ দিয়ে।

ইপিনে আজি দিনজোৰা কাৰ্যসূচীৰে চামগুৰি সমষ্টিৰ আমলখি চাহ বাগিচাৰ নামঘৰ প্ৰাঙ্গণতো বিভিন্ন কাৰ্যসূচীৰে শ্বহীদ বীৰ বিৰছা মুণ্ডা ১৪৪ তম্ জন্ম জয়ন্তী অনুষ্ঠিত হোৱাৰ লগতে দিনৰ দুই বজাৰ পৰা অনুষ্ঠিত হোৱা মুকলি সভাত সভাপতিত্ব কৰে জ্যেষ্ঠ নাগৰিক তথা অসম মুণ্ডা মহাসভা নগাঁও জিলা সমিতিৰ উপদেষ্টা লৱকান্ত দেউৰীয়ে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here