অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ধেমাজি জিলা সমিতিৰ ঊনবিংশতিতম দ্বি-বাৰ্ষিক বৰদলনি অধিবেশনৰ উখল-মাখল পৰিবেশ

0
8

প্ৰাগজ্যোতিষ বাৰ্তা,ধেমাজিৰ পৰা ললিত শইকীয়া, ১৬নবেম্বৰঃ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ধেমাজি জিলা সমিতিৰ ঊনবিশতিতম দ্বি-বাৰ্ষিক বৰদলনি অধিবেশনখন ১৬/১৭ নবেম্বৰ ২০১৯ ত বৰদলনি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰত দুদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হয়।

আৰু আজি তাৰে প্ৰথম দিনৰ কাৰ্যসূচীসমূহ বৰ্তমানে সফল ৰূপায়ণ ঘটিছে।

অধিবেশনখন সাফল্য মণ্ডিত কৰাৰ বাবে উঠি পৰি লাগিছে সংগঠনটোৰ কৰ্মীসকলৰ লগতে বৃহত্তৰ বৰদলনীবাসী ৰাইজ।

এই সভাতে অসমৰ বিভিন্ন সমস্যাসমূহৰ লগতে নাগৰিকত্ব সংশোধনী আইন ২০১৬ বাতিল আৰু নামনি সোৱণশিৰী জল বিদ্যুৎ প্ৰকল্পৰ ওপৰত বিষদ ভাৱে আলোচনা কৰিব বুলি জানিব দিয়ে ।

উল্লেখ্য যে, উক্ত অধিবেশনখনত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰাণাপ্ৰতাপ বৰুৱা সম্পাদক পলাশ চাংমাই অংশগ্ৰহণ কৰে l

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here