মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা ধেমাজি লৈ অহাৰ অনুমান পাই একে নিশাই নিৰ্মাণ কৰিলে গড়

0
5

প্ৰাগজ্যোতিষ বাৰ্তা,ধেমাজিৰ পৰা ললিত শইকীয়া, ১৬নবেম্বৰঃ ১৬নবেম্বৰত ধেমাজিলৈ আহিব ডঃ হিমন্ত বিশ্ব শৰ্মা,ইয়াৰ পিছতে অতদিনে শুই থকা ধেমাজি জিলা গড়কাপ্তানী বিভাগে ধেমাজি বকল গাৱঁত ৰাতিটোৰ ভিতৰত ৰাস্তাৰ সোঁ-মাজত দমে দমে মাটি পেলোৱা পৰিলক্ষিত হয়।

বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু অফিচ, ব্যৱসায়িক কামত চলা ফুৰা কৰিব নোৱৰা এক পৰিস্থিতি সৃষ্টি হয়।

অঞ্চলৰ বাসীয়ে গমেই নাপায় কিয় ইমান পৰিৱৰ্তন।

ৰাইজৰ মতে, ধেমাজি চহৰৰ পৰা জিলা কাৰাগাৰ আৰু ধেমাজি চিকিৎসালয়লৈ যোৱা একমাত্ৰ পথচোৱাৰ কাহিনী এইটো।

নগৰ পালিকাৰ অন্তৰ্গত এই পথচোৱাৰে দৈনিক বিভিন্ন পথচাৰী লগতে ৰোগীকে ধৰি জিলা কাৰাগাৰলৈ অহা যোৱা এক মাত্ৰ পথটো ওপৰত নখ পালিচৰ দৰে ঘহি-ঘহি পূৰণ কৰিলে দ দ গাঁতসমূহ।

বালি মাটি দি ঢ়াকিবলৈ বিচৰা কাণ্ডকলৈ এতিয়া ৰাইজ জাঙুৰ খাই উঠিছে।

সমগ্ৰ পথচোৱা বালি পেলাই দ গাঁত ঢ়াকি বিভাগে বাহ-বা ল’ব বিচৰাৰ উমান পাই ৰাইজে বন্ধ কৰিলে ৰাস্তা পোতাৰ কাম।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here