অটল অমৃত আঁচনিৰ যোগেদি এইচচিজি ইকেঅ’কেন্সাৰ চেন্টাৰে আগবঢ়াইছে চিকিৎসা সেৱাঃ

0
30

প্ৰাগজ্যোতিষ বাৰ্তা,মনোজ ডেকাৰ ৰিপোৰ্ট, ১৬ নবেম্বৰঃ শেহতীয়াকৈ ক্ৰমাৎ বৃদ্ধি পোৱা কৰ্কট ৰোগত আক্ৰান্ত ৰোগীৰ সংখ্যাই ভয়াবহহতাৰ সৃষ্টি কৰিছে৷

এই ৰোগৰ দুৰ্বিষহ অৱস্থা আৰু সজাগতা বা ৰোগ সন্দৰ্ভত থকা অজ্ঞতাৰ বাবেই এই ৰোগত মৃত্যু হোৱা লোকৰ সংখ্যা বিগত বছৰবোৰত যঠেষ্ট বৃদ্ধি পোৱা দেখা গৈছে৷

শেহতীয়াকৈ উন্নত সা-সুবিধা তথা চিকিৎসা পদ্ধতিৰ সুবিধা গ্ৰহণ কৰাটো সুনিশ্চিত কৰিবৰ বাবে উত্তৰ পূৱৰ আগশাৰীৰ কৰ্কট ৰোগ চিকিৎসা প্ৰতিষ্ঠান এইচচিজি ইকেঅ’ এ অসম চৰকাৰৰ অটল অভিযান আঁচনিৰ সৈতে চুক্তি বদ্ধ হৈছে৷

এই চুক্তিৰ জৰিয়তে এতিয়াৰ পৰা অসমৰ কৰ্কট ৰোগীসকলে কলকাতাৰ এইচ চিজি ইকেঅ’ চিকিৎসা গ্ৰহণৰ সুবিধা লাভ কৰিব৷

এই আঁচনিখনৰ জৰিয়তে নগদ বিহীন চিকিৎসা সুবিধা প্ৰদান কৰা হ’ব৷ আজি গুৱাহাটী মহানগৰীত অনুষ্ঠিত এক সংবাদ মেলত চিকিৎসালয়খনৰ ৰেডিয়েশ্যন অংকলজী বিভাগৰ মূৰব্বী চিকিৎসক ডা° আয়ন বাসুৱে কয় আমি সততে দেখিবলৈ পাও যে অসমৰ পৰা আমাৰ চিকিৎসালয়লৈ সঘনাই বহু কৰ্কট ৰোগত আক্ৰান্ত ৰোগীয়ে চিকিৎসা কৰিবলৈ আহে ৷

শেহতীয়াকৈ এই এইচচিজি ইকেঅ’ হাস্পতালখনে মেৰু ৰজ্জু সংৰোপণৰ গোটৰো কাম আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছে বুলি তেওঁ কয়৷

তেওঁ লগতে কয় যে অতি উচ্চ পৰ্যায়ৰ চিকিৎসা প্ৰক্ৰিয়াৰ বাবে প্ৰয়োজন হোৱা সমগ্ৰ পৰিস্থিতি চম্ভালিবলৈ সুসজ্জিত হৈ মানদণ্ড আৰু বিচক্ষণতাৰে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ সৈতে ফেৰ মাৰিব পৰাকৈ এই ছখনীয় বিচনাযুক্ত মেৰু ৰজ্জু সংৰোপণ শাখাটোৱে ৰক্ত সংক্ৰান্তীয় বিভিন্ন বিকাৰ বা ৰোগত আক্ৰান্ত হৈ থকা ৰোগীসকলক চিকিৎসা গ্ৰহণ কৰিব পাৰিব বুলি চিকিৎসক আয়ন বাসুৱে কয়৷

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here