জি আই এম টি, তেজপুৰত গণিত বিষয়ক কৰ্মশালা সম্পন্ন

0
29

প্ৰাগজ্যোতিষ বাৰ্তা,তেজপুৰ, ১৬ নবেম্বৰঃ তেজপুৰ ডেকাৰগাঁওস্থিত গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ মেনেজমেণ্ট এণ্ড টেকন’লজী, চমুকৈ জি আই এম টি, তেজপুৰত ১৬ নৱেম্বৰ তাৰিখে এখনি গণিত বিষয়ক কৰ্মশালাৰ আয়োজন কৰা হয়।

‘ফ’ৰিয়াৰ এনালাইছিছ (Fourier Analysis)’ শীৰ্ষক মনোগ্ৰাহী কৰ্মশালাখনত সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰে তেজপুৰ বিশ্ববিদ্যালয়ৰ গণিত বিজ্ঞান বিভাগৰ অধ্যাপক ড° ধীৰেণ কুমাৰ বচনেটে।

জি আই এম টি, তেজপুৰৰ সহকাৰী অধ্যাপিকা সংগীতা বৰুৱাই আঁতধৰা অনুষ্ঠানটোৰ আৰম্ভণিতে মহাবিদ্যালয়ৰ অধ্যক্ষ ড° বুলজিৎ বুঢ়াগোহাঁয়ে সমলব্যক্তিক সম্বৰ্ধনা জনায়।

ইয়াৰ পিছত অধ্যাপিক ড° বচনেটে ফ’ৰিয়াৰ চিৰিজ সম্পৰ্কীয় জ্ঞানগৰ্ভ ভাষণ আগবঢ়ায়।

কৰ্মশালাখনৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীৰ লগতে অংশগ্ৰহণকাৰীসকল যথেষ্ট উপকৃত হয়।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here