আমনিত মিনি ট্ৰাক পৰিল দীজু নৈতঃ দুজন গুৰুতৰভাৱে  আহত

0
6

প্ৰাগজ্যোতিষ বাৰ্তা,চামগুৰিৰ পৰা বিদ্যুত জ্যোতি বৰা,১৮ নৱেম্বৰঃ নগাঁও জিলাৰ চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত আমনিত দলঙৰ পৰা এখন মিনি ট্ৰাক দুৰ্ঘটনাত পতিত হৈ দীজু নৈত পৰি দুজনকৈ লোক গুৰুত্বভাৱে আঘাত প্ৰাপ্ত হয়।

জানিব পৰা মতে, ১৬ নৱেম্বৰৰ পুৱা ন মান বজাত আমনিস্থিত তৃপ্তিৰে এসাজ নামৰ হোটেলৰ কাষেৰে বৈ যোৱা দীজু নৈৰ ওপৰত অৱস্থিত জৰাজীৰ্ণ পকী দলঙৰ ওপৰত যোৰহাটৰ পৰা গুৱাহাটী অভিমুখী    এ এছ ০১ এল চি ১৭৫৯ নম্বৰৰ মিনি ট্ৰাকখনে নিয়ন্ত্ৰণ হেৰুৱাই দলঙৰ ভঙা ৰেলিঙেৰে নৈখনত পৰা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

ইয়াৰ ফলত গাড়ীখনত থকা চালক নলবাৰীৰ চন্দন ৰাজবংশী (২৭) আৰু পৰিচালক যোৰহাটৰ প্ৰফুল্ল গগৈ (২০)  গুৰুতৰভাৱে আঘাত প্ৰাপ্ত হয় ।

পিছত ঘটনাস্থলীত স্থানীয় লোক উপস্থিত হৈ আহত দুয়োগৰাকীক উদ্ধাৰ কৰি ১০৮ গাড়ীৰে জখলাবন্ধালৈ প্ৰেৰণ কৰে যদিও জখলাবন্ধাৰ চিকিৎসকে আঘাতৰ প্ৰতি লক্ষ্য কৰি উন্নত চিকিৎসাৰ বাবে নগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে বুলি আৰক্ষীৰ সূত্ৰে প্ৰকাশ কৰিছে।

পৰবৰ্তী সময়ত চামগুৰি আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ দুৰ্ঘটনাত পতিত মিনি ট্ৰাকখন উদ্ধাৰ কৰি তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰে।

আনহাতে ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ এই দলঙখনত বিগত সময়ত বহুকেইটা দুৰ্ঘটনা সংঘটিত হোৱাৰ লগতে গেছ টেংকাৰ পৰ্যন্ত দলঙৰ ৰেলিং ভাঙি দীজু নৈত পৰিছিল যদিও আজি পৰ্যন্ত প্ৰশাসন নাইবা সংশ্লিষ্ট বিভাগে  দলঙৰ ৰেলিং মেৰামতিৰ ব্যৱস্থা কৰা দেখা পোৱা নগ’ল বুলি সচেতন মহলৰ মাজত অভিযোগ উত্থাপিত হৈছে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here