চামগুৰিত গাড়ীয়ে মহতিয়ালে শিশুসহ কেইবাজনোঃ সাতজন লোক গুৰুতৰভাৱে আহত

0
5

প্ৰাগজ্যোতিষ বাৰ্তা,চামগুৰিৰ পৰা বিদ্যুত জ্যোতি বৰা, ১৮ নৱেম্বৰঃ সোতৰ নবেম্বৰত নগাঁও জিলাৰ চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত সোণৰিবালিত সংঘটিত হোৱা এক দুৰ্ঘটনাত সাতজনকৈ লোক গুৰুতৰভাৱে আহত হোৱা ঘটনাই সমগ্ৰ অঞ্চলটোতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ।

জানিব পৰা মতে, সোণাৰিবালিৰ পৰা চামগুৰি অভিমুখে আহি থকা এ এছ ১২ এইছ ১৩৭০ নম্বৰ মাৰুতি কোম্পানীৰ সৰু গাড়ীখনে আইজুল ধাবাৰ সন্মুখেৰে পুনৰ সোণাৰিবালিৰ দিশে ঘূৰাওতেই ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা নামি গৈ গাড়ীখনে ইদিছ আলীৰ বাসগৃহটো ভাঙি বিচনাত বহি থকা মানুহসহ খুন্দা মাৰি মহতিয়াই নি আঁতৰত পেলোৱাৰ ফলত কেইবাটাও শিশুসহ সাতজনকৈ লোক গুৰুতৰভাৱে আঘাত প্ৰাপ্ত হয়।

আঘাত প্ৰাপ্ত লোককেইজন হ’ল, চুলেমা খাতুন  (১৮), তফাজুল আলী  (৩), ৰুবুল আলী  (৩),  কঠিয়াতলিৰ চাদিকুল ইছলাম (২২), সেই ঘৰখনৰ মৰম বিবি  (৩), মইনা খাতুন  (২), জেছমিনা খাতুন (২) বুলি জানিব পৰা গৈছে ।

পিছত ঘটনাস্থলীত চামগুৰি আৰক্ষী উপস্থিত হৈ আঁহত কেইজনক চামগুৰি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ প্ৰেৰণ কৰে যদিও জখম গুৰুতৰ হোৱাত চিকিৎসকে চাদিকুল, চুলেমা, তফাজুল আৰু ৰুবুল আলীক উন্নত চিকিৰ বাবে নগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে বুলি আৰক্ষীৰ সূত্ৰে প্ৰকাশ কৰিছে।

আনহাতে গাড়ীখনৰ চালকজনে দুৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰে।

ইতিমধ্যে আৰক্ষীয়ে গাড়ীখন জব্দ কৰি তদন্ত অব্যাহত ৰাখিছে বুলি আৰক্ষীৰ সূত্ৰে প্ৰকাশ কৰিছে ।

উল্লেখ্য  যে কঠিয়াতলিৰ চাদিকুল ইছলামে সোণাৰিবালিৰ ইদিছ আলীৰ ঘৰখনলৈ বিয়াৰ উদেশ্যে ছোৱালী চাবলৈ আহিছিল বুলি জানিব পৰা গৈছে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here