লংকাৰ কাকীত চৰকাৰী সাহায্য বিতৰণক লৈ উত্তপ্ত পৰিবেশঃ স্থানীয় বিজেপি কৰ্মীৰ বিৰূদ্ধে ধন লোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ

0
4

প্ৰাগজ্যোতিষ বাৰ্তা,লংকাৰ পৰা ভূপেন্দৰ সিং বাবু, ১৮ নবেম্বৰঃ হোজাই জিলাৰ লংকা ৰাজহ চক্ৰৰ অন্তৰ্গত কাকীৰ টঙীয়াত চৰকাৰী টিনপাত বিতৰণক লৈ সৃষ্টি হয় এক ব্যাপক খেলিমেলি।

দুখীয়া মানুহৰ বাবে অহা চৰকাৰী সাহায্যৰ টিনপাত স্থানীয় বিজেপি কৰ্মীয়ে নিৰ্দিষ্ট কেইজনমান লোকৰ পৰা ধন সংগ্ৰহ কৰি নিশাৰ ভিতৰতেই বিতৰণ কৰাৰ অভিযোগ তোলে স্থানীয় ৰাইজৰ লগতে ভুক্তভোগীয়ে।

“চবকা চাথ চৱকা বিকাশ”ৰ লগতে দুৰ্নীতি মুক্ত অসম গঢ়াৰ কথা কোৱা চৰকাৰখনৰ দিনতো যেন বৃদ্ধি পাইছে দুখীয়াৰ তেজ শুহি খোৱা এচাম নেতাৰূপী দালালৰ দৌৰাত্ম।

সেই তেজপিয়া ৰূপী এচাম দালালক ধন নিদিলে চৰকাৰী সাহায্য লাভ কৰিবলৈ সক্ষম নহয় বহু দুখীয়া পৰিয়াল।

তেনে এক ঘটনা পোহৰলৈ আহিছে কাকীৰ টঙীয়াত। জনৈক ডাঙৰ মাই,মোহন নাথ, ভকত কলিতাৰ লগতে আন এগৰাকী স্থানীয় বিজেপি কৰ্মীয়ে ধনৰ বিনিময়ত নিশাৰ ভাগতহে টিন পাত বিতৰণ কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ।

দুৰ্নীতিৰ বিৰুদ্ধে শূণ্য সহনশীল চৰকাৰখনে এতিয়া এনে এচাম দুৰ্নীতিগ্ৰস্থ কৰ্মীৰ বিৰূদ্ধে বিভাগীয়ভাৱে কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়াহে লক্ষ্যনীয় হ’ব।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here