ভূড়াৰগড় ৰাসত দৰং কবি সমাজৰ কবি সমাৰোহ সম্পন্ন

0
62

প্ৰাগজ্যোতিষ বাৰ্তা,দেওমৰণৈ, ১৮ নবেম্বৰঃ আজি দৰঙৰ ঐতিহ্যমণ্ডিত ভূড়াৰগড় আৰিমত্ত ক্ষেত্ৰত দ্বিতীয় বাৰ্ষিক শ্ৰী শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱৰ মুকলি মঞ্চত দৰং কবি সমাজৰ কবি সমাৰোহ এখন অনুষ্ঠিত হৈ যায়।

উক্ত অনুষ্ঠানত দৰং আৰু ওডালগুৰি জিলাৰ লগতে অসমৰ পঞ্চলিশজন কবিয়ে স্বৰচিত কবিতা পাঠ কৰে।

অসম কবি সমাজৰ সভাপতি ৰাজেন্দ্ৰ নাথ বৰদলৈয়ে উদ্বোধন কৰা অনুষ্ঠানখন সঞ্চালনা কৰে দৰং কবি সমাজৰ সম্পাদকপ্ৰধান, বিশিষ্ট কবি,গল্পকাৰ জয়ন্ত ৰাজবংশীয়ে।

উক্ত অনুষ্ঠানত পঠিত কবিতা সমূহৰ পৰ্যালোচনা আগবঢ়ায় বিশিষ্ট সাহিত্য পৰ্যালোচক, নিবন্ধকাৰ তথা গুৱাহাটীস্থিত পঞ্চদীপ জাতীয় বিদ্যালয়ৰ অধ্যক্ষ ধীৰেণ শইকীয়াই।

ইয়াৰোপৰি অনুষ্ঠানখনত দেওমৰণৈ মহাবিদ্যালয়ৰ অধ্যাপক পল্লৱ বৰুৱা,’কথাশিল্প’ আলোচনীৰ মুখ্য সম্পাদক কল্পনা লহকৰ, নগাঁৱৰ খাগৰিজান মহাবিদ্যালয়ৰ অধ্যক্ষ ড.ৰমেশ চন্দ্ৰ নাথ,দৰং জিলা সাহিত্য সভাৰ সম্পাদক মুকুট হাজৰিকা,ৰক্তদান মহান দান এই বানী হাতে কামে প্ৰচাৰ কৰোতা দৰঙৰ সুসন্তান শেখৰ মজুমদাৰ আদিয়ে বিশিষ্ট অতিথিৰূপে উপস্থিত থাকে।

স্বৰচিত কবিতা পাঠৰ অনুষ্ঠানত বিশিষ্ট কবি ফাৰহান জাৱেদ,বিন্দু কলিতা ৰাজবংশী,হিতেশ নাথ,জ্যোস্না শইকীয়া,প্ৰনীতা দেৱী, ফটিক নন্দন ৰাভা,ভাস্কৰ জে নাথ,অপূৰ্ব শৰ্মা বশিষ্ঠ,কৌস্তুভ মনি শৰ্মা,মানস বৰুৱা,চিত্ৰৰঞ্জন নাথ,হিৰন্ময়ী মেধী,টিকেন্দ্ৰজিৎ ৰাজবংশী,পৰিহাৰ শৰ্মা, জ্যোতি প্ৰসাদ ডেকা,ৰাজীৱ শৰ্মা আদিয়ে কবিতা পাঠ কৰে।

দৰং কবি সমাজৰ মুখ্য সাংগঠনিক সম্পাদক তথা দৰং জিলা ছাত্ৰ সন্থাৰ উপসভাপতি নিৰঞ্জন শইকীয়াই আঁতধৰা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোত, আদৰণি ভাষণ আগবঢ়াই ভূড়াৰগড় ৰাসোৎসৱ উদযাপন সমিতিৰ সভাপতি তৰুণ চন্দ্ৰ বৈশ্যই, শলাগৰ শৰাই আগবঢ়াই দেওমৰণৈ স্নাতক মহাবিদ্যালয়ৰ প্ৰবক্তা দিগন্ত শৰ্মাই।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here