প্ৰেছ ক্লাবত ‘দ্য হাৰ্ট লেফ্ট বিহাইন, শ্বিলং এণ্ড আসামিজ’ শীৰ্ষক গ্ৰন্থ উন্মোচন

0
6

প্ৰাগজ্যোতিষ বাৰ্তা,গুৱাহাটীৰ পৰা মনীষা শৰ্মা,১৯ নবেম্বৰঃ অসম আৰু শ্বিলংৰ মাজত আছে এক নিবিড় সম্পৰ্ক।

স্বাধীনতাৰ আগৰে অসমৰ বিভিন্নজন ব্যক্তি কৰ্মৰ তাগিদাতে হওক বা আনকাৰণতে হওক বাস কৰিব লৈছিল তাহানিৰ অসমৰ ৰাজধানী শ্বিলঙত।

যাৰ পৰিপ্ৰেক্ষিতত গঢ় লৈ উঠিছিল ‘অসমীয়া সমাজ’ শ্বিলং। শ্বিলংৰ এইখন সমাজে এটা সময়ত অসমীয়া ভাষা-সাহিত্য, সভ্যতা, সংস্কৃতিৰ প্ৰাণ প্ৰতিষ্ঠাৰ আপ্ৰাণ চেষ্টা চলাইছিল, যাৰ ফলস্বৰূপে শ্বিলংত গঢ় লৈ উঠিছিল স্কুলকে আদি কৰি কেইবাটাও অনুষ্ঠান আৰু যি আজিও শ্বিলংত বিদ্যমান।

এই কথা আজি নিজৰে এক গ্ৰন্থ উন্মোচনী সভাত ব্যক্ত কৰে প্ৰাক্তন প্ৰশাসনিক বিষয়া তথা জনপ্ৰিয় লিখক স্বপ্ননীল বৰুৱাই।

উল্লেখযোগ্য যে ১৮৭৪ চনৰ পৰা ১৯৭২ চনলৈ অৰ্থাৎ অসম মেঘালয় ভাগ হোৱাৰ পূৰ্বৰ ৯৮ বছৰীয়া এক আবেগময় বৰ্ণিল যাত্ৰাৰ সকলোবোৰ দিশ সামৰি স্বপ্ননীল বৰুৱাই লিখি উলিয়াইছে ‘দ্য হাৰ্ট লেফ্ট বিহাইন ,শ্বিলং এণ্ড আসামিজ’ শীৰ্ষক গ্ৰন্থখন।

সোমবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত গ্ৰন্থখন আনুষ্ঠানিকভাৱে উন্মোচন কৰি জ্যোতি প্ৰসাদ শইকীয়াই কয় যে, এই গন্থখনে শ্বিলংবাসী অসমীয়া সমাজক বিশেষ ভাবে উপকৃত কৰিব।

অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত আসাম ট্ৰিবিউন কাকতৰ সহ সম্পাদক পাৰ্থ প্ৰতিম হাজৰিকা, শিক্ষাবিদ শান্তিকাম হাজৰিকা।

নিজৰ ভাষণত শান্তিকাম হাজৰিকাৰ এই প্ৰচেষ্টাক শলাগ লৈ কয় যে স্বপ্ননীল বৰুৱা এজন দক্ষ প্ৰশাসনিক বিষয়া হোৱাৰ লগতে ভাল লিখক।

আনহাতে বিশিষ্ট তিথিৰ ভাষণত পাৰ্থপ্ৰতিম হাজৰিকাই গ্ৰন্থখনৰ বিষয় বস্তু সন্দৰ্ভত বিভিন্ন ধৰণে বাখ্যা আগবঢ়াই।

আজিৰ অনুষ্ঠানত জনপ্ৰিয় অভিনেত্ৰী চেতনা দাসকে ধৰি অসমৰ কেইবাজনো বিশিষ্ট ব্যক্তিৰ লগতে শ্বিলঙৰো বিভিন্ন জন ব্যক্তি উপস্থিত থাকে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here