ৰঘুনাথ চৌধাৰীৰ কবিতাত আছিল বিপ্লৱ আৰু সাম্যবাদ

0
9
ভাষণৰত অবস্থাত বিশিষ্ট সাংবাদিক প্ৰাগজ্যোতিষ কাকতৰ মুখ্যসম্পাদক ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তী

প্ৰাগজ্যোতিষ বাৰ্তা,গুৱাহাটীৰ পৰা মনীষা শৰ্মা, ১৯ নৱেম্বৰঃ প্ৰকৃতিৰ নৈসৰ্গিক ৰূপৰ বৰ্ণনাৰে কাব্য সাহিত্যত সুকীয়া আসন দখল কৰা ৰঘুনাথ চৌধাৰী আছিল মানুহৰ কবি৷

জনতাৰ মুকুতিৰ পণ তেওঁৰ কলমেৰে নিগৰিছিল৷ গুৱাহাটী প্ৰেছ ক্লাৱত ১৮ নবেম্বৰত কবিগৰাকীৰ স্মৃতি সভাত এই বক্তব্য আগবঢ়াই বিশিষ্ট সাংবাদিক ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তীয়ে৷

বিহগী সাহিত্য সমাজ আৰু শৈক্ষিক সামাজিক অনুষ্ঠান কলাজৰ সহযোগত আয়োজিত কৰা হয় ৰঘুনাথ চৌধাৰীৰ এখন স্মৃতি সভা৷

সভাত চক্ৰৱৰ্তীৰ উপৰিও সাহিত্যক পেঞ্চনাৰ কিশোৰীমোহন পাঠক, শিক্ষাবিদ ড° পূৰ্ণ ভট্টাচাৰ্য, ড° মনোজ কুমাৰ মহন্তকে আদি কৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অসমীয়া কাব্যজগতৰ অনন্য প্ৰতিভাধৰ কবিগৰাকীৰ সাহিত্যৰাজিৰ তাত্ত্বিক ব্যাখ্যা আগবঢ়ায়৷

এই অনুষ্ঠানতেই কলাজৰ সচিব গগন বৰ্মনৰ সামগ্ৰিক পৰিকল্পনাৰে তথা সাংবাদিক সন্দীপ বৰ্মনৰ সম্পাদনাত “বিহগী” শীৰ্ষক স্মৃতিগ্ৰন্থও উন্মোচন কৰা হয়৷

প্ৰয়াত কবিগৰাকীৰ বহু গুণগ্ৰাহী আৰু সাহিত্য আৰু সাংবাদিকজগতৰ কেইবাগৰাকীও ব্যক্তি উপস্থিত থকা অনুষ্ঠানটোত ৰঘুনাথ চৌধাৰীৰ ঈশ্বৰ কবিতাটোক গানৰে পৰিবেশন কৰি দৰ্শকক মুগ্ধ কৰে সংগীত শিল্পী ৰাজেন শৰ্মাই৷

হিৰন্ময় গোস্বামীয়ে আঁতধৰা অনুষ্ঠানটোত কবিতা আৰু গীত পৰিবেশনৰে শ্ৰদ্ধা জনোৱা হয় অসমীয়া ভাষা সাহিত্যৰ অন্যতম কাণ্ডাৰীগৰাকীক৷

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here