ধেমাজিত পুনৰ জীয়াঢল নদীৰ তাণ্ডৱ

0
3

প্ৰাগজ্যোতিষ বাৰ্তা,ধেমাজিৰ পৰা ললিত শইকীয়া, ২০ নবেম্বৰঃ বাৰিষা গʼল খৰালি আহিল কৃষকৰ মুখত হাঁহি বিৰিঙিল কিন্তু কৃষকসকলৰ এই হাঁহি নিমিষতে চুৰ মাৰ হ’ল।

এই মৰ্মান্তিক দুৰাৱস্থা ধেমাজি জিলাৰ পশ্চিম ধেমাজি অঞ্চলৰ।

আজি তিনিদিন ধৰি জীয়াঢল নদীৰ পানীয়ে ৬ টাকৈ পঞ্চায়ত আগুৰি ধৰি জীয়াতু ভোগাইছে স্থানীয় ৰাইজক।

আঘোন মাহৰ সোণালী পথাৰ, বিভিন্ন ধৰণৰ শস্যৰ লগতে ঘৰ দুৱাৰ তচনচ কৰা পৰিলক্ষিত হৈছে।

জীয়াঢল নদীয়ে সুঁতি সলোৱা বাবে এই সমস্যা সৃষ্টি হয় বুলি জানিব দিয়ে ।অতি পৰিতাপৰ বিষয় যে এতিয়ালৈকে জন-প্ৰতিনিধি তথা চৰকাৰ কোনো বিষয়ববীয়া এই স্থানত উপস্থিত নোহোৱাত স্থানীয় ৰাইজে দুখ প্ৰকাশ কৰিছে।

এই বৃহৎ সমস্যাসমূহ সমাধান কৰিবৰ বাবে শাসনাধিস্থিত চৰকাৰক আহ্বান জনাইছে ৰাইজ তথা দল-সংগঠনসমূহে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here