প্ৰয়াত সূৰ্য‍্য কাকতিৰ চতুৰ্থ স্মৃতিচাৰণ সভাঃ সুস্থ শৰীৰ, সুস্থ মন আৰু সুখানুভেৱেৰে এক সুদীৰ্ঘ জীৱন শীৰ্ষক বক্তৃতানুষ্ঠান অনুষ্ঠিত

0
6

প্ৰাগজ্যোতিষ বাৰ্তা, শিৱসাগৰৰ পৰা মুকুল বাইলুং, ২১ নবেম্বৰঃ সমাজ হিতৈষী সূৰ্য্য কাকতি স্মৃতি ন‍্যাস সমিতিৰ সৌজন্যত ১৯ নৱেম্বৰত ঢেকেৰী গাঁৱৰ ক্ৰীড়া সাংস্কৃতিক প্ৰকল্পত বিয়লি ১.০০ বজাৰ পৰা এখন সুন্দৰ সৃজনশীল সমাজৰ সপোন বাস্তৱায়িত কৰাৰ মানসৰে নিজকে উৎসৰ্গা কৰা প্ৰয়াত সূৰ্য্য কাকতিৰ চতুৰ্থ মৃত্যু বাৰ্ষিকী পালন কৰা হয়।

মুকলি সভাৰদ্বাৰ মুকলি কৰে স্থানীয় এটি দিহা নামৰ দলে। সভাৰ সভাপতিত্ব কৰে ক্ৰীড়া সাংস্কৃতিক প্ৰকল্পৰ স্থায়ী সভাপতি তথা বাহঁ গড় কনিষ্ঠ মহাবিদ্যালয়ৰ অধ‍্যক্ষ কমল দুৱাৰই।

সভাৰ উদ্দেশ্য ব‍্যাখ‍্যা কৰে প্ৰাঞ্জল মহন্তই। ‘সুস্থ শৰীৰ, সুস্থ মন আৰু সুখানুভৱেৰে এক সুদীৰ্ঘ জীৱন শীৰ্ষক’ বক্তৃতা অনুষ্ঠানৰ সমল ব‍্যক্তি উৎপল শৰ্মা আৰু তেখেতৰ সহধৰ্মিনী দেৱী গগৈয়ে যোগ ক্ৰিয়া প্ৰদৰ্শন কৰাৰ লগতে সুস্থ মন আৰু নিৰোগী জীৱন সৰ্ম্পকে বক্তব্য প্ৰদান কৰে। সন্ধিয়া স্থানীয় বয়োজ‍্যেষ্ঠ মহিলা মামনী বৰদলৈয়ে বন্তি প্ৰজ্জ্বলন কৰে। শলাগৰ শৰাই আগবঢ়াই ৰংপুৰ বাৰ্তাৰ মুখ্য সম্পাদক তথা সূৰ্য্য কাকতি স্মৃতি ন‍্যাসৰ সভাপতি ব‍্ৰজেন ফুকনে।

সন্ধিয়ালৈ আয়োজন কৰা ভাগৱত পাঠ অনুষ্ঠানেৰে দিনটোৰ কাৰ্য্সূচী সামৰণি পৰে। স্থানীয় ধন দত্ত, বিশ্ব দত্ত আৰু প্ৰাঞ্জল মহন্তই ভাগৱত পাঠ কৰে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here