নাগৰিকত্ব (সংশোধনী) বিধেয়ক ২০১৬ বাতিলৰ দাবীত গোগামুখত জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ জোঁৰ সমদল

0
3

প্ৰাগজ্যোতিষ বাৰ্তা,ধেমাজিৰ পৰা ললিত শইকীয়া, ২১ নবেম্বৰঃ কেন্দ্ৰীয় চৰকাৰে জাপি দিব খোজা নাগৰিকত্ব সংশোধনী বিল ২০১৬ বাতিলৰ দাবীত সমগ্ৰ ৰাজ্যজুৰি অসম জাতিয়তাবাদী যুৱ ছাত্ৰ পৰিষদে বিভিন্ন আঞ্চলিক জিলা সদৰত হাতে হাতে জোঁৰ লৈ সমদল কৰে।

এইবিলক কোনোপধ্যে মানি লোৱা নহ’ব বুলি চৰকাৰক সকিয়নী প্ৰদান কৰাৰ লগতে চৰকাৰ বিৰোদ্ধি বিভিন্ন শ্ল’গানেৰে গোগামুখৰ মাজমজিয়াত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

ৰাজ্যখনৰ শীতকালীন অধিৱেশনত যদিহে এই বিল গৃহীত কৰে ইয়াতকৈও ভয়ংকৰ আন্দোলন গঢ়ি তোলা হ’ব বুলি হুংকাৰ প্ৰদান কৰে।

 

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here