লাকুৱাত নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ জোৰ সমদল

0
7

প্ৰাগজ্যোতিষ বাৰ্তা, শিৱসাগৰৰ পৰা মুকুল বাইলুং, ২২ নৱেম্বৰঃ চৰাইদেউ জিলাৰ লাকুৱাত নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত আৰু বিভিন্ন দল সংগঠনৰ সহযোগত বুধবাৰে সন্ধ্যা এক বৃহৎ জোৰ সমদল উলিওৱা হয়৷

লাকুৱাৰ অ’ এন জি চি কলনীৰ সন্মুখৰ পৰা লাকুৱা ৰাজগড় পথেৰে হাতে হাতে জুইৰ শিখা লৈ CAB ৰ বিৰুদ্ধে ওলাই আাহে শ শ জনতা৷

প্ৰতিবাদকাৰীসকলে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰক, সৰ্বানন্দ সোণোৱাল হায় হায়, নৰেন্দ্ৰ মোদী হুচীয়াৰ, অসমখন বিদেশীৰ চৰণীয়া পথাৰ কৰিবলৈ দিয়া নহ’ব আদি শ্ল’গানেৰে আকাশ বতাহ কঁপাই তোলে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here