গুৱাহাটীত ইনফিনিক্সে মুকলি কৰিলে ৬’৬ ইন্সিৰ স্মাৰ্টফোন

0
15

প্ৰাগজ্যোতিষ বাৰ্তা, গুৱাহাটী, ২২ নেবম্বৰঃ ট্ৰেনছন গ্ৰুপৰ আগশাৰীৰ প্ৰিমিয়াম স্মাৰ্টফোন এছ – ৫ নাইট আজি গুৱাহাটীত মুকলি কৰা হয়৷

মুকিল কেৰ ইনফিনিক্সৰ মুখ্যকাৰ্যবাহী বিষয়া আনিছ কাপুৰে ৷তেওঁ স্মাৰ্টফোনটো মুকলি কৰি কয় যে এই এছ -৫ স্মাৰ্ট ফোনটোৰ ৰং তিনি ধৰণৰ৷

মিডনাইট’ ব্লেক’ কুৱেটজেল ছিয়ান আৰু ভায়োলেট ৰঙৰ মোৱাইল ফোন বজাৰত উপলব্ধ হ’ব ৷

৬’৬ স্কীণৰ লগতে পাঞ্চ হোল ছুপাৰ আৰু ১৬ মেগাপিক্সানৰ ইন ডিছপ্লে ছেল্ফি তাৰ উপৰিও আছে চাৰিহাজাৰএম এ এইচৰ শক্তিশালী বেটাৰী৷

এই আটাইবোৰ বৈশিষ্ট্যই এন এক অনবাদ্য অভিজ্ঞতা প্ৰদান কৰিব বুলি তেওঁ কয় ৷তেওঁ লগতে কয় যে গুৱাহাটী হৈছে উত্তৰ পূৱৰ দুৱাৰমুখ৷

এইখন উত্তৰ পুৰ্বাঞ্চলৰ বজাৰ য’ত স্মাৰ্টফোন ব্যৱহাৰকাৰীৰ দিশৰ জ্ঞানেৰে সমৃদ্ধ৷ এই অঞ্চলৰ যুৱক-যুৱতীসকলক সহজতে স্মাৰ্টফোন এছ -৫ লাইটে আকৰ্ষণ কৰিবলৈ সক্ষম হ’ব বুলি বিষয়াগৰাকীয়ে উল্লেখ কৰে৷

অনুষ্ঠানত ইনফেক্স ইণ্ডিয়াৰ বিষয়া অমন প্ৰতাপ উপস্থিত থাকি স্মাৰ্টফোনটোৰ সবিশেষ বৰ্নানা কৰে৷

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here