কাৰ্য্যবাহী অভিযন্তাৰ কাৰ্য্যলয় হস্তান্তৰৰ বিৰুদ্ধে লামডিং সমষ্টিৰ লংকাৰ তিনিআলীত স্হানীয় ৰাইজৰ উত্তাল প্ৰতিবাদ

0
4

প্ৰাগজ্যোতিষ বাৰ্তা,লংকাৰ পৰা ভূপেন্দৰ সিং বাবু, ২৩ নবেম্বৰঃ হোজাই জিলাৰ লামডিং সমষ্টিৰ লংকাৰ তিনিআলীত স্হানীয় ৰাইজৰ উত্তাল প্ৰতিবাদ ।

তিনিআলীস্হিত অসম চৰকাৰৰ গড়কাপ্তানী বিভাগৰ সহকাৰী কাৰ্য্যবাহী অভিযন্তাৰ কাৰ্য্যলয় সম্মূখত শুক্ৰবাৰে আবেলি স্হানীয় ৰাইজে সাৱ্যস্ত কৰে এই উত্তাল প্ৰতিবাদ । গড় কাপ্তানী বিভাগৰ উক্ত কাৰ্য্যলয়টো লামডিং চহৰলৈ চৰকাৰে হস্তান্তৰ কৰাৰ বিৰুদ্ধে এই প্ৰতিবাদ ।

লামডিং সমষ্টিৰ লামডিং চহৰক বাদ দি লামডিং সমষ্টিৰ বৃহত্তৰ কাকী,উদালী,নখুটী অঞ্চলত ১৫ টা পঞ্চায়ত থকাৰ পিছতো কিয় লামডিং চহৰলৈ কাৰ্য্যলয়টো হস্তান্তৰ কৰিবলৈ ওলাইছে এয়া এক নিশ্চিত ষড়যন্ত্ৰ ।

উল্লেখ যে, লামডিং সমষ্টিৰ ৰাজনৈতিক নেতা তথা সংসদৰ অধক্ষ্য দেৱেশ চক্ৰৱৰ্তীৰ দিনটেই উক্ত কাৰ্য্যলয়টো লংকাৰ তিনিআলীত স্হাপন হৈছিল ।

কোনো কাৰণেই উক্ত কাৰ্যলয়টো হস্তান্তৰ কৰিবলৈ দিয়া নহব বুলি স্হানীয় ৰাইজে উত্তাল প্ৰতিবাদ কাৰ্য্যসূচী ৰূপায়ণ কৰাৰ লগতে বিধায়ক শিবু মিশ্ৰ হায় ,হায়, কাৰ্য্যলয় হস্তান্তৰ কৰিবলৈ দিয়া নহ’ব আদি শ্ল’গানেৰে উত্তাল কৰে তিনিআলিৰ আকাশ বতাহ ।

আনহাতে উক্ত বিষয়ৰ ওপৰত লংকা ৰাজহ চক্ৰৰ চক্ৰ বিষয়াক ঘটনা সন্দৰ্ভত এক স্মাৰক পত্ৰও প্ৰেৰণ কৰে ।

উক্ত ঘটনা সন্দৰ্ভত উক্ত কাৰ্য্যলয়টোৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী এজনক উক্ত বিষয়ৰ ওপৰত সাংৱাদিকৰ কেমেৰাৰ সম্মুখত কয় যে, বৰ্তমানলৈকে কোনো চৰকাৰী নিৰ্দেশনা অহা বুলি তেওঁ অৱগত নহয় ।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here