ইস্পেৰিয়েল ব্লু-ছুপাৰ হিট নাইটঃ জুবিন গাৰ্গৰ সৈতে বেহাৰবাৰী আউটপোষ্টৰ কে কে-মোহনৰ অনুষ্ঠান

0
18

প্ৰাগজ্যোতিষ বাৰ্তা, গুৱাহাটীৰ পৰা মনোজ ডেকা, ২৫ নবেম্বৰঃ সংগীতৰ লগতে হাঁহিৰে দৰ্শকক মনোৰঞ্জন দিবলৈ ইস্পেৰিয়েল ব্লুৱে দেওবাৰে গুৱাহাটীত ৰক এন্ড ৰ’ল নামৰ এক অনুষ্ঠান আয়োজন কৰে৷

এই অনুষ্ঠানত অসমৰ জনপ্ৰিয় শিল্পী জুবিন গাৰ্গ আৰু বেহাৰ বাৰী আউট পষ্ট নামৰ ধাৰাবাহিকখনৰ দুই অভিনেতা ক্ৰমে কে কে আৰু মোহনে অশং গ্ৰহণ কৰে৷

২৪ নবেম্বৰৰ সন্ধিয়া গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত মেন উইল বি মেন শীৰ্ষক সংগীত আৰু হাহিৰ খোৰকৰে বিশাল অনুষ্ঠানৰ আয়োজন কৰা হয় ৷

দেশৰ ১১খন চহৰত আয়োজন কৰা অনুষ্ঠানত বলিউদৰ সংগীত পৰিচালক বিশাল শেখৰ, সুনিল গ্ৰভাৰ, জচ্চি গিল জুবিন গাৰ্গ বিপাক আৰু কে কে-মোহন সকলোৰে লাইভ এন্টাৰটেইন মেন্টত নতুন মাত্ৰ সৃষ্টি কৰিব ৷

প্ৰতিষ্ঠানটোৰ এই যাত্ৰা গুৱাহাটীৰ পৰা আৰম্ভ হৈ যোৰহাট, অৰুণাচল, ডিব্ৰুগড়, জয়পুৰ, বেংগালুৰু-কলকতা-বাংগালোৰ-আমবালা হায়দৰাবাদ পাবগৈ শেষত বিশাখাপট্টনম অন্ত পৰিব৷
সংবাদ মেলত উপস্হিত থাকি জুবিন গাৰ্গে কয় যে এই অনুষ্ঠানত সকলোৱে উপস্থিত থাকি সহযোগিতা আগবঢ়োৱাৰ বাবে আহ্বান জনায়৷

লগতে আগন্তুক গাৰ্গৰ নতুন অসমীয়া ছবিত কে কে ’ মোহনক দৰ্শকে দেখিবলৈ পাব বুলি উল্লেখ কৰে ৷

তেওঁ লগতে অসমীয়া ছবি চাবলৈ ছবি গৃহলৈ যাবলৈ অসমবাসী ৰাইজক অনুৰোধ জনায় ৷

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here