জি আই এম টি, তেজপুৰত শিক্ষক প্ৰশিক্ষণৰ এদিনীয়া কৰ্মশালা সম্পন্ন

0
10

প্ৰাগজ্যোতিষ বাৰ্তা, তেজপুৰ, ২৫ নৱেম্বৰঃ তেজপুৰ ডেকাৰগাঁওস্থিত গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ মেনেজমেণ্ট এণ্ড টেকন’লজী চমুকৈ জি আই এম টি, তেজপুৰত ২৩ নৱেম্বৰ তাৰিখে এখন এদিনীয়া শিক্ষক প্ৰশিক্ষণ কৰ্মশালা অনুষ্ঠিত হৈ যায়।

‘শ্ৰেণীকোঠাৰ পাঠদানত তথ্য প্ৰযুক্তিবিদ্যা সমলৰ ব্যৱহাৰ’ শীৰ্ষক মনোগ্ৰাহী কৰ্মশালাখন অসম বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয়ৰ সহযোগত তথা কাৰিকৰী শিক্ষাৰ মানদণ্ড উন্নয়ন আঁচনিৰ অধীনত অনুষ্ঠিত কৰা হৈছিল।

সহকাৰী অধ্যাপক ড° সুজিত তালুকদাৰে আঁতধৰা অনুষ্ঠানটো বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভণি কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ ড° বুলজিৎ বুঢ়াগোহাঁয়ে।

ইয়াৰ পিছতে কৰ্মশালাখনৰ সমল ব্যক্তি তেজপুৰ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° নিত্যানন্দ শৰ্মায়ে ভাষণ আগবঢ়ায়।

জি আই এম টি, তেজপুৰৰ লগতে আন বহুকেইখন মহাবিদ্যালয়ৰ অংশগ্ৰহণকাৰী অধ্যাপক-অধ্যাপিকা সকলোকে তেওঁ পুৰণিকলীয়া শিকন পদ্ধতি উন্নয়নৰ বাবে আহ্বান জনায়।

তদুপৰি তথ্য প্ৰযুক্তিৰ জগতখনৰ ন ন আৱিষ্কাৰসমূহ আৰু উক্ত সমলসমূহ শ্ৰেণীকোঠাৰ পাঠদানত ব্যৱহাৰ সম্পৰ্কত তেওঁ গুৰুত্বপূৰ্ণ দিহা পৰামৰ্শ আগবঢ়ায়।

কৰ্মশালাৰ দ্বিতীয়াৰ্ধত সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰে তেজপুৰ বিশ্ববিদ্যালয়ৰ ‘শিকন আৰু প্ৰশিক্ষণ কেন্দ্ৰ’ৰ ড° স্বপ্নাৰাণী বৰা আৰু ড° ইকবাল হুছেইন আহমেদে।

দুয়ো অনলাইন ক্লাছৰুম, গুগল ক্লাছৰুম আদি অত্যাধুনিক ধাৰণা সম্পৰ্কত অংশগ্ৰহণকাৰী সকলক প্ৰশিক্ষণ আগবঢ়ায়। কৰ্মশালাৰ শেষত সহকাৰী অধ্যাপক ড° বিদ্যুৎ ডেকায়ে সকলোকে ধন্যবাদ জনাই অনুষ্ঠানৰ সামৰণি ঘোষণা কৰে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here