লংকাৰ এখন চৰকাৰী বিদ্যালয়ত চৰম অৰাজকতাঃ মধ্যাহ্ন ভোজন বিতৰণত ব্যাপক খেলিমেলি

0
5

প্ৰাগজ্যোতিষ বাৰ্তা,লংকাৰ পৰা ভূপেন্দৰ সিং বাবু, ২৭ নবেম্বৰঃ কেনেদৰে চলিছে লংকা শিক্ষা খণ্ডৰ অন্তৰ্গত এখন চৰকাৰী বিদ্যালয়।

লংকাৰ ন খুটিৰ ২নং মৌজাদাৰ গাঁৱ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক আব্দুল কাছেম আৰু বিদ্যালয়ৰ সভাপতি ফকৰুদ্দিনৰ বিৰুদ্ধে মধ্যাহ্ণ ভোজন বিতৰণক লৈ খেলিমেলিৰ অভিযোগ উত্থাপিত কৰিছে একাংশ গাঁৱবাসীয়ে।

ৰাইজৰ অভিযোগ অনুসৰি বিগত দুমাহধৰি ছাত্ৰ-ছাত্ৰীক মধ্যাহ্ন আহাৰ খুওৱাৰ পৰা বিৰত আছে বিদ্যালয়ৰ প্ৰধান শিক্ষকগৰাকী যাৰ ফলত মধ্যাহ্ন ভোজনৰ চাউল জহি-পচি যোৱা পৰিলক্ষিত হৈছে।

আটাইতকৈ লক্ষ্যনীয় এই যে বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীক দুমাহ ধৰি মধ্যাহ্ন ভোজন বিতৰণ নকৰাৰ কাৰণৰ বিষয়ে প্ৰশ্ন কৰাত প্ৰধান শিক্ষকগৰাকীয়ে উদঙাই অসমৰ চৰকাৰৰ শিক্ষা বিভাগৰ ব্যৰ্থতাৰ কথা।

বিদ্যালয়ৰ প্ৰধান শিক্ষকগৰাকীয়ে মধ্যাহ্ন ভোজনৰ বাবে অহা ধন মোকলাই নিদিয়াৰ বাবে বাৰে-বাৰে লংকা শিক্ষা খণ্ডত অৱগত কৰিছিল যদিও কোনো সুফল পোৱা নাছিল, যাৰ পৰিপ্ৰেক্ষিতত ছাত্ৰ-ছাত্ৰীক মধ্যাহ্ন ভোজনৰ দিয়াৰ পৰা বিৰত আছিল।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here