প্ৰেছ ক্লাবত কুৰ্দ নেতাৰে বাৰ্তালাপৰ  আয়োজন

0
10

প্ৰাগজ্যোতিষ বাৰ্তা,গুৱাহাটী, ২৭ নবেম্বৰঃ কুৰ্দসকলৰ ৰাজনৈতিক সংগ্ৰাম সম্পৰ্কত গুৱাহাটী প্ৰেছ ক্লাবৰ সাংবাদিকসকলৰে   এক  বাৰ্তালাপ অনুষ্ঠানত অংশগ্ৰহণ কৰিব ৰাজনৈতিক বিশ্লেষক ডাইৰী খালিড মাৰীফে।

শনিবাৰে (৩০ নবেম্বৰ) সন্ধিয়া ৭ বজাৰ পৰা ভিডিঅ’ কণফাৰেন্সৰ জৰিয়তে সংগ্ৰামী কুৰ্দ নেতা মাৰীফে সাংবাদিকসকলক স্বাধীন কুৰ্দিস্তান সম্পৰ্কতো বাখ্যা কৰিব।

তুৰ্কী, চিৰিয়া, ইৰাণ, ইৰাকত  সততে অত্যাচাৰৰ সন্মুখীন হোৱা মুক্তিকামী কুৰ্দসকলৰ জীৱন ধাৰণ বিষয়তো মাৰীফে মত প্ৰকাশ কৰিব। 

কুৰ্দসকলৰ সংগ্ৰামত ভাৰতৰ সম্ভাব্য সহযোগীতাৰ বিষয়তো তেওঁ মত-বিনিময় কৰিব।

বৰ্তমান কানাডা নিবাসী মাৰীফে পুনে বিশ্ববিদ্যালয়ত আন্তঃৰাষ্ট্ৰীয় ইতিহাস
অধ্যয়ন কৰিছিল।

অনুষ্ঠানত প্ৰেছ ক্লাবৰ সদস্য-সাংবাদিকসকলৰ উপস্থিতি কামনা কৰা হ’ল।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here