‘শিক্ষা মন্ত্ৰী হায় হায় ধ্বনি’ৰে গুৱাহাটীৰ ৰাজপথ উত্তাল কৰিলে সদৌ অসম সংযোগী শিক্ষাকৰ্মী সন্থাই

0
5

প্ৰাগজ্যোতিষ বাৰ্তা, গুৱাহাটী, ২৭ নবেম্বৰঃ চৰকাৰে আমাক দিয়া লিখিত প্ৰতিশ্ৰুতি পালন কৰক, শিক্ষাকৰ্মীসকলৰ চাকৰি নিয়মীয়া কৰক, বিশেষ টেট অনুষ্ঠিত কৰি চৰকাৰে চাকৰি নিয়মীয়া কৰাৰ ব্যৱস্থা গ্ৰহণ কৰক৷

আজি গুৱাহাটীমহানগৰীৰ আমবাৰীত সদৌ অসম সংযোগী শিক্ষা কৰ্মী সন্থাই ‘শিক্ষা মন্ৰী হায় হায়’ ধ্বনিৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷

দিনৰ এঘৰমান বজাত সংযোগী শিক্ষা কৰ্মীৰ প্ৰায় পাঁচ শতাধিক সদস্যই প্ৰতিবাদ স্হলীত উপস্থিত হৈ চৰকাৰ বিৰোধী শ্ল’গানেৰে পৰিবেশ উত্তাল কৰি তোলে ৷

শিক্ষা মন্ত্ৰী হায় হায়, অসম চৰকাৰ হুচিয়াৰ, শিক্ষা মন্ত্ৰী গো বেক্, ধ্বনিৰে প্ৰতিবাদ স্হলী অধিক উত্তাপ্ত কৰি তোলে৷

তেওঁলোকে ইয়াতে শান্ত নহৈ শিক্ষা মন্ত্ৰীৰ উলুবাৰী স্হিত বাসগৃহ ঘেৰাও কৰাৰ কাৰ্য্যসূচী লৈছিল যদিও প্ৰশাসনে বাধা প্ৰদান কৰে৷

অৱশেষত গুৱাহাটী ক্লাবৰ ঘুৰণীয়া চাৰ্কল’ৰ ৰাজপথত বহি প্ৰতিবাদ সাব্যস্ত কৰা দেখা গ’ল৷

সংগঠনটোৰ সভাপতি আবুল কালামে এই সন্দৰ্ভ কয় ৰাজ্যপালৰ অধিসূচনা মৰ্মে ২০০৫-০৬ চনৰ সম্পূৰ্ণ মেধা ভিত্তিত সৰ্বোচ্চ নম্বৰ প্ৰাপ্ত প্ৰাৰ্থিসকলক গাঁও শিক্ষা সমিতি ভিইচি তথা চাহ বাগিচা শিক্ষা সমিতি টি’জি’ই’চি ৰ জৰিয়তে যাবতীয় আনুষ্ঠানিকতা সম্পন্ন কৰি গোটেই অসমৰ সংযোগী শিক্ষা কেন্দ্ৰ সমূহত শিক্ষা কৰ্মী হিচাপে ১১ মাহৰ বাবে ঠিকাভিত্তিক নিযুক্তি দি প্ৰৰ্যায়ক্ৰমে শিক্ষা কৰ্মীসকলৰ কাৰ্যকাল ২০১২ চনৰ ৩১ মাৰ্চলৈ বৃদ্ধি কৰে৷

তিনিহাজাৰ টকাৰ সামন্য মাননি লৈ ২বজৰ ৬ মাহ শিক্ষকতা কৰি থাকে৷কিন্তু বিভাগীয় কতৃপক্ষই কোনো আগজাননী নিদিয়াকৈ শিক্ষাকৰ্মীসকলক শিক্ষকতাৰ পৰা অৱ্যাহতি দিয়াত শিক্ষাকৰ্মীসকলৰ ভবিষ্যত অন্ধকাৰ হৈ পৰিছে৷

এই সন্দৰ্ভত শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ লগত দিছপুৰত আলোচনা হোৱাৰ কথা উল্লেখ কৰি সভাপতিগৰাকীয়ে কয় শিক্ষা মন্ত্ৰী আৰু শিক্ষা আয়ুক্ত প্ৰীতম শইকীয়া, মিছন সঞ্চালিকা অৰুণা ৰাজৰীয়া উপস্থিত থকা বৈঠকত বিশেষ টেট অনুষ্ঠিত কৰি নিযুক্তি দিয়া হ’ব বুলি চুড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিছিল যদিও আজিলৈকে কাৰ্য্যকাৰী নহ’ল ৷

ইয়াৰ বাবে আজি এনেদৰে ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰিব লগা হোৱাটো অতিকৈ দুৰ্ভাগ্যজনক বুলি কালামে উল্লেখ কৰে৷

তেওঁলোকৰ এই দাবী পুৰণ নকৰিলে আগন্তুক দিনত ইয়াতকৈ ভয়ংকৰ আন্দোলন গঢ়ি তুলিব বুলি শিক্ষামন্ত্ৰী তথা ৰাজ্য চৰকাৰক সকীয়াই দিয়ে৷

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here