চামগুৰি সোনাৰিবালিত হৰিণা উদ্ধাৰ

0
4

প্ৰাগজ্যোতিষ বাৰ্তা,চামগুৰিৰ পৰা বিদ্যুত জ্যোতি বৰা, ২৭ নৱেম্বৰঃ নগাঁও জিলাৰ চামগুৰি আৰক্ষী থানাৰ অন্তৰ্গত সোণাৰিবালি বিলপাৰত এটি হৰিণা উদ্ধাৰ হোৱা ঘটনাই সমগ্ৰ অঞ্চলতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

জানিব পৰা মতে, ২৫ নবেম্বৰৰ পুৱা প্ৰায় দহমান বজাত চামগুৰি বিলখনৰ সোনাৰিবালি ফালৰ পথাৰত কেইজনমান লোকে এটি হৰিণা দেখা পাই স্থানীয় লোককেইজনে খেদি খেদি হৰিণা ধৰিবলৈ সক্ষম হয় যদিও হৰিণাটো সামান্য আঘাত প্ৰাপ্ত হয়।

পিছত চামগুৰি আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত  আৰক্ষী উপস্থিত হৈ প্ৰায় ডেৰবছৰীয়া মাইকী হৰিণাজনী সোণাৰিবালি ৰাইজৰ পৰা চমজি লয়।

পৰবৰ্তী সময়ত চামগুৰি আৰক্ষীয়ে আঘাত প্ৰাপ্ত হৰিণাটো উদমাৰী খণ্ড বন বিষয়াক চমজাই দিয়ে।

ইতিমধ্যে বন বিভাগে হৰিণাটো চামগুৰি পশুচিকিৎসা কেন্দ্ৰত চিকিৎসা কৰি লাওখোৱা অভয়াৰণ্যত মুকলি কৰি দিয়া বুলি বন বিভাগৰ সূত্ৰে প্ৰকাশ কৰিছে।

আনহাতে উদ্ধাৰ হোৱা হৰিণাটো লাওখোৱা অভয়াৰণ্যৰ পৰা অহা বুলি বন বিভাগ আৰু স্থানীয় লোকে সন্দেহ কৰিছে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here