মথুৰাপুৰৰ ছ’চিয়েল ৱেলফেয়াৰ গ্ৰুপৰৰ আদৰণীয় পদক্ষেপ

0
5

প্ৰাগজ্যোতিষ বাৰ্তা,শিৱসাগৰ, হাঁহচৰাৰ পৰা মুকুল বাইলুং, ২৭ নবেম্বৰঃ মথুৰাপুৰ ছ’চিয়েল ৱেলফেয়াৰ গ্ৰুপৰ উদ্যোগত ছাত্ৰ-ছাত্ৰীৰ মাজত শিশু উপযোগী কিতাপ, শিকন সামগ্ৰী বিতৰণ৷

চৰাইদেউ মথুৰাপুৰৰ স্বেচ্ছাসেৱী সংগঠন ছ’চিয়েল ৱেলফেয়াৰ গ্ৰুপ,মথুৰাপুৰয়ে বিগত বছৰৰ পৰা কণ-কণ ছাত্ৰ-ছাত্ৰীৰ বিভিন্ন শিক্ষণ সামগ্ৰী বিনামূলীয়াকৈ বিতৰণ লগতে অভাৱগ্ৰস্ত লোকৰ মাজত মৌলিক অভাৱসমূহ পূৰণ চেষ্টা অব্যাহত ৰাখিছে৷আজি স্বেচ্ছাসেৱী ছ’চিয়েল ৱেলফেয়াৰ নামৰ সংগঠনটোৰ উদ্যোগত মথুৰাপুৰ মণিয়াহোলা প্ৰাথমিক বিদ্যালয়ত বিনামূলীয়াকৈ শিশু উপযোগী গ্ৰন্থ, স্কুল বেগ আৰু শিকন সামগ্ৰী বিতৰণ কৰা হয়৷

এই উদ্দেশ্যে আজি মানিয়াহোলা প্ৰাথমিক বিদ্যালয় প্ৰাংগনত অনুষ্ঠিত সামগ্ৰী বিতৰণ অনুষ্ঠানত বিদ্যালয়ৰ প্ৰধান শিক্ষক আতিকুৰ ৰহমান,সাংবাদিক দুস্মন্ত কুমাৰ নাথ,নেকিবুল হক,বিপিন।

হাজৰিকা, বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ভোলা নায়কৰ লগতে ভালেকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷

সাংবাদিক তথা গ্ৰুপৰ সক্ৰিয় সদস্য প্ৰণৱ বৰগোহাঁই আৰু বাসুদেৱ কুমাৰে আঁতধৰা অনুষ্ঠানত মথুৰাপুৰ ছ’চিয়েল ৱেলফেয়াৰ গ্ৰুপৰ সদস্য,অভিভাৱকৰ উপস্থিতিত স্কুলবেগ,কলম- পেঞ্চিল, সাধু কথা কিতাপ বিতৰণ কৰে৷

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here