প্ৰয়াত লক্ষী বড়া আৰু প্ৰসন্ন কোঁৱৰৰ সোঁৱৰণী প্ৰাইজমণি ফুটবল প্ৰতিযোগিতাৰ চুড়ান্ত খেলখনত গড়গাঁও একাদশ বিজয়ী

0
4

প্ৰাগজ্যোতিষ বাৰ্তা,শিৱসাগৰ, হাঁহচৰাৰ পৰা মুকুল বাইলুং, ২৭ নবেম্বৰঃ শিৱসাগৰ জিলাৰ অন্যতম ক্ৰীড়া আৰু সাংস্কৃতিক অনুষ্ঠান হাঁহচৰা ক্ৰীড়া আৰু সাংস্কৃতিক সন্থাৰ উদ‍্যোগত প্ৰয়াত লক্ষী বড়া আৰু প্ৰসন্ন কোঁৱৰৰ সোঁৱৰণীত প্ৰাইজমণি ফুটবল প্ৰতিযোগিতা ১৭ নৱেম্বৰ তাৰিখৰ পৰা হাঁহচৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হয়। প্ৰতিযোগিতাখনত মুঠ ৮ টা দলে অংশগ্ৰহণ কৰিছিল।

২৬ নৱেম্বৰ তাৰিখে অনুষ্ঠিত হোৱা চুড়ান্ত খেলখন গড়গাঁও একাদশ বনাম বকতা একাদশৰ মাজত অনুষ্ঠিত হয়।

খেলখনৰ প্ৰথম অৰ্ধকত গড়গাঁও একাদশ আৰু বকতা একাদশে এটা এটা গল দিবলৈ সক্ষম হয়। দ্বিতীয়াৰ্ধত গড়গাঁও একাদশে ২, বকতা একাদশে এটাকৈ গল দিবলৈ সক্ষম হয়।

গড়গাঁও একাদশে বকতা একাদশক ৩-২ গলত গড়গাঁও একাদশ বিজয়ী হয়। খেলখন পৰিচালনা কৰে ৰেফাৰি ৰিপু কুমাৰ গগৈ, সহকাৰী ৰেফাৰি অসীল আহোম আৰু লাকী ৰঞ্জন বৰুৱা চতুৰ্থ ৰেফাৰি দিলীপ ফুকন।

মুখ্য অতিথি শিৱসাগৰ জিলা পৰিষদৰ সভাপতি ধুব্ৰুজ‍্যোতি মাউৎ, শিৱসাগৰ জিলাৰ বিজেপি জিলা সভাপতি সুৰভী ৰাজকুমাৰী , পোনা গগৈ আৰক্ষী বিষয়া, মৃনাল চুতীয়া জিলা ফুটবল সন্থাৰ সম্পাদক, মমী দত্ত গগৈ ৰাজ‍্যিক ফুটবল দলৰ সদস্যা।

হাঁহচৰা ক্ৰীড়া সন্থাৰ বিষয়ববীয়া আৰু হাঁহচৰা প্ৰেছ ক্লাৱৰ সাংবাদিকসকল উপস্থিত থাকে।

দুয়োটো দলকে ট্ৰফী, নগদ ধন আগবঢ়াই দাতা পৰিয়ালবৰ্গই। খেলখনত উন্নত খেল প্ৰদৰ্শন কৰা খেলুৱৈ উজ্জ্বল তাছাক ট্ৰফী আৰু নগদ ধন আগবঢ়াই।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here