শ্ৰীমন্ত শঙ্কৰদেৱ মহাবিদ্যালয়ৰ আধাৰ শিলা স্থাপন

0
3

প্ৰাগজ্যোতিষ বাৰ্তা,শিৱসাগৰ, হাঁহচৰাৰ পৰা মুকুল বাইলুং, ২৭ নবেম্বৰঃ শিৱসাগৰ জিলাৰ অন্যতম বুৰঞ্জী প্ৰসিদ্ধ জয়সাগৰৰ ৰূপহী পথাৰত ২৪ নৱেম্বৰত শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ, শ্ৰীমন্ত শঙ্কৰদেৱ বিশ্ববিদ্যালয়ৰ অধীনত এখন শ্ৰীমন্ত শঙ্কৰদেৱ মহাবিদ্যালয়ৰ আজি আধাৰশিলা স্থাপন কৰে।

ৰাজ্যসভা সাংসদ কামাখ্যা প্ৰসাদ তাচাই। উক্ত আধাৰশিলা অনুূষ্ঠানৰ সভাখনিত সভাপতিত্ব কৰে শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ শিৱসাগৰ জিলা শাখাৰ সভাপতি জয়ৰাম চাংমায়ে।

সভাৰ উদ্বোধনী ভাষণ আগবঢ়ায় সম্পাদক অচ্যুত কৃষ্ণ নাথে। উদ্বোধনী ভাষণত শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ মহাবিদ্যালয় স্থাপনৰ লক্ষ আৰু উদ্দেশ্য সম্পৰ্কত বিতং ব্যাখ্যা দাঙি ধৰি কয়- পাঠ্য- পুথি গত শিক্ষাৰ উপৰিও স্বনিয়োজিত আচঁনি ভিত্তিক কিছু পাঠ্যক্ৰম এই মহাবিদ্যালয়ত সন্নিবিষ্ট কৰা হ’ব বুলি উল্লেখ কৰে।

সহস্ৰাধিক ভকত আৰু স্থানীয় ৰাইজৰ উপস্থিতিত সন্তোষ প্ৰকাশ কৰি, সাংসদ কামাখ্যা প্ৰসাদ তাচাই আধাৰশিলা স্থাপনৰ সভাত শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘই মহাপুৰুষ গুৰুজনাৰ আৰ্দশ ৰাজি বিশ্ব প্ৰেক্ষাপটত এক সুকীয়া স্থান দখল কৰাৰ কথা তেখেতে উল্লেখ কৰে।

শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘই কেৱল ধৰ্মীয় গণ্ডী ভিতৰত নেথাকি সাম্প্ৰতিক সময়ত যুৱ প্ৰজন্মক মানসিক আৰু আধ্যাত্মিক চেতনা জাগ্ৰত কৰাৰ লগতে মানৱতাবোধৰ যি নিৰলস প্ৰচেষ্টা অব্যাহত ৰাখিছে তাৰ শলাগ লয়।

সাংসদগৰাকীয়ে আশাকৰে শঙ্কৰদেৱ মহাবিদ্যালয়ে ছাত্ৰ-ছাত্ৰীসকলক এক নতুন মাত্ৰা প্ৰদান কৰিব। এই অনুষ্ঠানতে তেখেতে শঙ্কৰদেৱ মহাবিদ্যায়ৰ বাবে পঞ্চাশ লাখ টকা অনুদান আগবঢ়ায়।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here