কেবৰ বিৰুদ্ধে অসম জাতীয়তাবাদী যুৱছাত্ৰ পৰিষদৰ গণবিক্ষোভ

0
3

প্ৰাগজ্যোতিষ বাৰ্তা,গুৱাহাটীৰ পৰা মনোজ ডেকা, ২৭ নবেম্বৰঃ নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বিৰুদ্ধে আজি ২৭ নবেম্বৰত গুৱাহাটী মহানগৰীৰ ৰাজপথ কঁপালে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে৷

গুৱাহাটী মহানগৰীৰ গুৱাহাটী ক্লাৱ চাৰ্কল’ৰ ৰাজপথত সংগঠনটোৰ প্ৰায় পাঁচ শতাধিক সদস্য উপস্থিত হৈ কেন্দ্ৰীয় চৰকাৰ ’ ৰাজ্য চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷

তেওঁলোকৰ এটাই দাবী কোনো কাৰণত নাগৰিকত্ব সংশোধনী বিধেয়ক কাৰ্যকৰী হ’বলৈ নিদিয়ে৷

এই বিধেয়কখন যেতিয়ালৈকে বাতিল নহয় তেতিয়ালৈকে প্ৰতিবাদ অব্যাহত থাকিব৷

নাগৰিকত্ব সংশোধনী বিধেয়েক ২০১৬ য়ে অসমৰ ভাষা সংস্কৃতি নিঃশেষ কৰি পেলাব৷

সংগঠনটোৰ সদস্যসকলে কেন্দ্ৰীয় চৰকাৰ, অসম চৰকাৰক নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰাৰ বাবে আহ্বান জনাই বিভিন্ন শ্ল’গানেৰে প্ৰতিবাদ স্হলী উত্তাল কৰি তোলে৷

সংগঠনটোৰ সাধাৰণ সম্পাদক পলাশ চাংমাই কয় কোনো কাৰণত এই বিধেয়কখন বিলত পৰিণত হ’বলৈ দিয়া নহ’ব৷

এই বিধেয়কখন আইনত পৰিণত হ’লে অসমৰ সাতামপুৰুষীয়া ভাষা সংস্কৃতি একতাৰ বান্ধোন নিঃশেষ হ’ব৷ এই ক্ষেত্ৰত ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালকো কঠোৰ সিদ্ধান্ত লৈ কেবৰ বিৰোধিতা কৰিবলৈ আহ্বান জনায়৷

কেন্দ্ৰীয় চৰকাৰক অসমৰ ভাষা সংস্কৃতি নিঃশেষ কৰিব পৰা কাম কৰিবলৈ দিয়া নহ’ব বুলি জাতীয় নায়ক মুখ্যমন্ত্ৰী গৰাকীয়ে জনাই দিব লাগে বুলি পলাশ চাংমাই কয়৷

তেওঁ লগতে এই বিধেয়ক বাতিল নহ’লে অসমৰ ৰাইজে অধিক তীব্ৰতৰ আন্দোলন গঢ়ি তুলিব বুলি হুংকাৰ দিয়ে৷

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here