লংকাত ডকাইতৰ ৰূপত মাইক্ৰ ফাইনেন্স কোম্পানীৰ কৰ্তৃপক্ষ

0
2

প্ৰাগজ্যোতিষ বাৰ্তা, লংকাৰ পৰা ভূপেন্দৰ সিং বাবু, ২৮ নবেম্বৰঃ লংকাৰ পূৱ উদালীত ফাইনেন্স কোম্পানী আৰোহণ, ছেটিংছ আৰু বন্ধন ফাইনেন্স কোম্পানীৰ কৰ্তৃপক্ষই মাহেকীয়া কিস্তিৰ ধন গ্ৰাহকৰ পৰা সংগ্ৰহ কৰিবলৈ আহোতেই পূৱ উদালীৰ শতাধিক পুৰুষ মহিলাই ঘৰৰ পৰা ওলাই আহি ফাইনেন্স কোম্পানীৰ কৰ্তৃপক্ষক ঘেৰাও কৰি লৈ পৰিস্হিতি উতপ্ত কৰি তোলে ৷

শতাধিক গ্ৰাহকৰ অভিযোগ, ফাইনেন্স কোম্পানীৰ কৰ্তৃপক্ষই ডকাইট ৰূপেৰে গ্ৰাহকৰ পৰা সংগ্ৰহ কৰিব বিচাৰিছে লোণ লোৱা মাহেকীয়া কিস্তিৰ ধন৷

এটা মাহৰ কিস্তিৰ ধন পৰিশোধ কৰাত সামান্য পলম হোৱাত ফাইনেন্স কোম্পানীৰ এনে পদক্ষেপত ক্ষুন্ন হৈ পৰিছে গ্ৰাহকসকল৷

ফাইনেন্স কোম্পানীয়ে গ্ৰাহকক ভয় ভাবুকি দিয়াৰ লগতে ঋণ লৈ ব্যৱসায় কৰা সামগ্ৰীও গ্ৰাহকৰ গৃহৰ পৰা লৈ গৈছে কাঢ়ি৷

কিছু গ্ৰাহকে উপায়ন্তৰ হৈ নিজৰ খেতিৰ মাটি,পাকঘৰৰ ৰন্ধন গেছ তথা ঘৰৰ বয় বস্তু আদি বিক্ৰী কৰিও মাহেকীয়া কিস্তিৰ ধন পৰিশোধ কৰিছে যদিও কিছুৱে যেন বৰ্তমান মূৰে কপালে হাত দিছে৷

গাঁৱৰ দুখীয়া লোকসকলে যেন কোম্পানীৰ পৰা ঋণ লৈ বৰ্তমান ভূগিব লগা হৈছে এক যমৰ যাতনা৷

আনহাতে আকৌ ফাইনেন্স কোম্পানীয়ে কিছু গ্ৰাহকৰ পৰা প্ৰকৃত নথিপত্ৰ সংগ্ৰহ কৰি বৰ্তমানলৈকে দিয়া নাই কোনো লোণ৷

গ্ৰাহকে লোণৰ খৱৰ ল’লে আজি দিম, কালি দিম বুলি প্ৰলোভন দি থকাৰো অভিযোগ উঠিছে৷

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here