প্ৰাগজ্যোতিষ বাৰ্তা,তিনিচুকীয়া পৰা বিকাশ বৰুৱা,২৮ নৱেম্বৰঃ মাতৃৰ ভক্তিৰ অপূৰ্ব নিদৰ্শন দাঙি ধৰিছে কৰ্নাটকৰ ডি কৃষ্ণা কুমাৰ নামৰ যুৱকজনে৷
যুৱকজনৰ নিজৰ মাতৃৰ প্ৰতি থকা ভক্তি আৰু শ্রদ্ধাৰ বাবেই নিজ মাতৃক সমগ্ৰ ভাৰতৰ তীৰ্থ স্থানসমূহ ভ্ৰমণ কৰোৱা পৰিকল্পনা কৰে যুৱকজনে৷
সেই উদ্দেশ্যে ২০১৮ চনৰ ১৬ জানুৱাৰীত ডি কৃষ্ণা কুমাৰে পিতৃৰ ২০ বছৰীয়া পুৰণি বাজাজ স্কুটাৰখনেৰে যাত্ৰা আৰম্ভ কৰে৷
যুৱকজনে ইতিমধ্য ভাৰতৰ লগতে অসমৰো বহু তীৰ্থ আৰু ধৰ্মীয় স্থান- কামাখ্যা মন্দিৰ, জগনাথ মন্দিৰ, শিৱসাগৰৰ শিৱ দৌল, অৰুণাচল প্ৰদেশৰ টাৱাং বৌদ্ধ বিহাৰ আদি ভ্ৰমণ সম্পূৰ্ণ কৰিছে।
এই ভ্ৰমণ কালত ৭০বছৰীয়া মাতৃয়ে যাতে অকণো কষ্ট ভূগিবলগীয়া নহয় সেই বিষয়ত ডি কৃষ্ণকুমাৰে সম্পূৰ্ণ দৃষ্টি ৰাখিছে ৷
আধুনিক যুগৰ শ্ৰৱণ কুমাৰ মাতৃ প্ৰেমী যুৱকজনৰ একমাত্ৰ লক্ষ্য নিজৰ মাতৃক আজীৱন সেৱা কৰি যোৱা ৷
দু-বছৰ পূৰ্ণ হোৱাৰ প্ৰাকক্ষণত তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাত উপস্থিত হৈ সংবাদ মাধ্যমৰ আগত যুৱকজনে ব্যক্ত কৰে যে মাতৃ সেৱাৰ উদেশ্যে তেওঁ এই যাত্ৰা আৰম্ভ কৰিছিল ৷
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক লগ কৰিহে তেওঁ এই যাত্ৰা সমাপ্ত কৰিব ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সাক্ষ্যৎ কৰাটোৱে ডি কৃষ্ণা কুমাৰ নামৰ যুৱকজনৰ অন্তিম লক্ষ্য তথা তেওঁৰ মনৰ আকাক্ষা।