অসম সাহিত্য সভাৰ সাহিত্যাচার্য বঁটা প্ৰদান অনুষ্ঠান সম্পন্ন

0
7

প্ৰাগজ্যোতিষ বাৰ্তা,গুৱাহাটীৰ পৰা মনীষা শৰ্মা, ২৮ নবেম্বৰঃ অসমীয়া ভাষা আমাৰ স্বভিমান , আমি অসমীয়া ভাষাটো জীয়াই ৰাখিব লাগিব।

ইতিমধ্যে অসম সাহিত্য সভাই অসমীয়া ভাষাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে বিভিন্ন পন্থা হাতত লৈছে, এই কথা আজি এক বঁটা প্ৰদান অনুষ্ঠানত ব্যক্ত কৰে অসম সাহিত্য সভাৰ সভাপতি ডঃ পৰমানন্দ ৰাজবংশীয়ে।

উল্লেখযোগ্য যে আজি গুৱাহাটীৰ মাছখোৱাস্থিত প্ৰাগজ্যোতি সাংস্কৃতিক প্ৰকল্পত অসম সাহিত্য সভাৰ সভাপতি ডঃ পৰমানন্দ ৰাজবংশীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান সাহিত্য আৰু সমাজ জীৱনলৈ আগবঢ়োৱা অৱদানৰ বাবে মহিবুল হকক শিক্ষাচাৰ্যৰ লগতে পৰাগ কুমাৰ ভট্টাচাৰ্য আৰু নাহেন্দ্ৰ পাদুনক সাহিত্যচাৰ্য বঁটা প্ৰদান কৰে।

বঁটা প্ৰদান কৰি মেঘালয়ৰ ৰাজ্যপাল তথাগত ৰয়ে কয় যে অসম সাহিত্য সভাৰ দৰে শতবর্ষ গৰকা ভাষা সাহিত্যৰ অনুষ্ঠান সঁচাকৈ বিৰল আৰু অসম সাহিত্য সভাই আজিৰ তাৰিখত ভাষা সাহিত্যৰ হ’কে যি কাম কৰি আছে সেয়া সঁচাই প্ৰসংশনীয়, তেওঁ লগতে ইয়াকো কয় যে পশ্চিম বংগত ভাষা সাহিত্যৰ এনে অনুষ্ঠান নাই।

আনহাতে নিজৰ ভাষণ প্ৰসংগত ডঃ ৰাজবংশীয়ে ইয়াকো কয় যে অসম সাহিত্য সভাই এইবাৰ পোনপ্ৰথমবাৰৰ বাবে শিক্ষাচাৰ্য বঁটা প্ৰদান কৰে।

প্ৰায় ডেৰশতাধিক গণ্যমান্য ব্যক্তি উপস্থিত থকা আড়ম্বৰপূৰ্ণ সভাখনত বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকে অসম সাহিত্য সভাৰ সভাপতি ডঃ ধ্ৰুৱজ্যোতি বৰা।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here