ডিগবৈ পৌৰ সভাৰ কাৰ্যালয়ৰ সন্মুখত হাপজান ব্লক কংগ্ৰেছৰ ধৰ্ণা

0
5

প্ৰাগজ্যোতিষ বাৰ্তা,তিনিচুকীয়াৰ পৰা বিকাশ বৰুৱা, ২৯ নৱেম্বৰঃ তিনিচুকীয়া জিলা অন্তৰ্গত ডিগবৈ চহৰত কৰ সংগ্ৰহৰ নামত সংঘটিত হোৱা ব্যাপক দুৰ্নীতিৰ প্ৰতিবাদত আজি হাপজান ব্লক কংগ্ৰেছে এক বৃহত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে৷

হাপজান ব্লক কংগ্ৰেছৰ উদ্যোগত শতাধিক পুৰুষ-মহিলাই এই ধৰ্ণা কাৰ্যসূচীত অংশগ্ৰহণ কৰে৷

ডিগবৈ পৌৰ সভাই হল্ডিং টেক্স চাৰিগুণকৈ বৃদ্ধি কৰা সিদ্ধান্তৰ বিৰুদ্ধে লগতে বিজেপি নেতৃত্বাধীন চৰকাৰখনে মূল্যবৃদ্ধি ৰোধ কৰাত ব্যৰ্থ হোৱা আৰু ভাৰতৰ বিভিন্ন বহুজাতিক কোম্পানীসমূহ বিক্ৰী কৰি ৰাইজৰ ওপৰত কৰৰ বোজা বৃদ্ধি কৰাৰ প্ৰতিবাদত এই ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে।

হাপজান ব্লক কংগ্ৰেছৰ শতাধিক পুৰুষ-মহিলাই হাতে হাতে বেনাৰ পষ্টাৰ লৈ বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে।

ডিগবৈ পৌৰ সভাৰ কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা প্ৰতিবাদৰ অন্তত নগৰ সমিতিৰ উপ সভাপতিৰ হাতত এখন স্মাৰক পত্ৰ প্ৰদান কৰে।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here