পিয়লি ফুকন নগৰ সাহিত্য চক্ৰৰ বৈঠক সম্পন্ন

0
84

প্ৰাগজ্যোতিষ বাৰ্তা, গুৱাহাটী, ৩০ নবেম্বৰঃ গুৱাহাটীৰ পিয়লি ফুকন নগৰ সাহিত্য চক্ৰৰ নৱেম্বৰ মাহৰ বৈঠকখন কালি স্থানীয় উন্নয়ন সমিতিৰ কাৰ্যালয় প্ৰাংগণত সন্ধিয়া পাঁচ বজাত সাহিত্য চক্ৰৰ সভাপতি কানন শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত হৈ যায়।

সভাত মামনি ৰয়চম গোস্বামীৰ মৃত্যুতিথি উপলক্ষে অসমীয়া কথাসাহিত্যৰ মহিয়সীগৰাকীৰ স্মৃতিচাৰণ কৰাৰ লগতে কেইবাটাও স্বৰচিত কবিতা, গল্প পাঠ কৰা হয়।

যোগেশ ডেকাৰ কন্ঠত পৰিবেশিত অৰ্থবহ সংগীতেও অনুষ্ঠানখন জীপাল কৰি তোলে। উক্ত অনুষ্ঠানত মামনি ৰয়চম গোস্বামীৰ প্ৰতিচ্ছৱিৰ সমুখত বন্তি প্ৰজ্বলন আৰু পুস্পাঞ্জলি অৰ্পণ কৰি মামনি ৰয়চম গোস্বামীৰ বিষয়ে স্মৃতিচাৰণ কৰে সাহিত্যিক, জ্যেষ্ঠ সাংবাদিক,পৰ্যালোচক তথা নুনমাটিৰ পঞ্চদীপ জাতীয় বিদ্যালয়ৰ অধ্যক্ষ ধীৰেণ শইকীয়াই।

তেওঁৰ ভাষণত মামনি ৰয়চম গোস্বামীৰ সাহিত্য আৰু ব্যক্তিগত জীৱনৰ বিষয়ে ফহিয়াই কয়। তেওঁৰ ভাষনত জাতীয় দায়িত্ব পালনৰ বাবেই আলফা আৰু অসম চৰকাৰৰ মাজত মধ্যস্থতাকাৰী হ’বলৈ ৰাজি হোৱা মামনি ৰয়চম গোস্বামীৰ কথা উল্লেখ কৰাৰ লগতে ২০০৮ বৰ্ষত সাহিত্য সেৱাৰ বাবে নেদাৰলেণ্ড চৰকাৰৰ পৰা পোৱা ৪০ লাখ টকা আমৰাংগাত স্থাপিত চিকিৎসালয়খনলৈ আগবঢ়াই ইতিবাচক সেৱাৰ নিদৰ্শন ডাঙি ধৰাৰ কথাও উল্লেখ কৰে।

উক্ত অনুষ্ঠানত সাহিত্যসেৱী প্ৰমিলা কলিতাই উপন্যাসিকা, নিত্যানন্দ সভাপণ্ডিতে গল্প,কানন শৰ্মা আৰু বিশিষ্ট অতিথি ধীৰেণ শইকীয়া আদিয়ে স্বৰচিত কবিতা পাঠ কৰে।

অঞ্চলটোৰ সাহিত্যসেৱী ৰুবী কলিতা,ভূমিকা শৰ্মা সাহা আৰু ফৰিদা দেৱানে মামনি ৰয়চম গোস্বামী ৰচিত তিনিটা উল্লেখযোগ্য কবিতা পাঠ কৰাৰ লগতে অনন্ত তালুকদাৰে ব্যক্তিগত অভিজ্ঞতাৰ ভিত্তিত মামনি ৰয়চম গোস্বামীৰ ওপৰত কিছু অনুভৱ ব্যক্ত কৰে।

এই অনুষ্ঠানতে পিয়লি ফুকন নগৰ সাহিত্য চক্ৰৰ কাৰ্যকৰী সদস্য ৰমেন চন্দ্ৰ ডেকাই মামনি ৰয়চম গোস্বামীৰ ওপৰত ভূপেন হাজৰিকাই আগবঢ়োৱা মন্তব্যৰ বিষয়ে ফহিয়াই আলোচনা কৰে। শেষত বিশিষ্ট অতিথি ধীৰেণ শইকীয়াই পঠিত সাহিত্যসমূহৰ ওপৰত এটি ৰসাল পৰ্যালোচনা আগবঢ়ায়।

Facebook Comments

LEAVE A REPLY

Please enter your comment!
Please enter your name here